নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ নীলাপানী হ্ৰদত গুৱাহাটীৰ যুৱক সন্ধানহীন

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত তথা যুৱ প্ৰজন্মৰ জনপ্ৰিয় পৰ্যটনথলী নীলাপানী হ্ৰদত আজি বিয়লি এজন যুৱক সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, গুৱাহাটীৰ বামুণীমৈদামৰ পৰা আজি পুৱা ৯ জন যুৱক চামগুৰি আৰক্ষী থানাৰ অধীনৰ নীলাপানী হ্ৰদত বনভোজ খাবলৈ আহিছিল৷ বনভোজ খাবলৈ আহি নীলাপানী হ্ৰদত বন্ধুৰ সৈতে সাঁতুৰি থকা অৱস্থাত গুৱাহাটী নুনমাটিৰ জয়ন্ত নগৰৰ সুভাষ কলিতাৰ পুত্ৰ বিকি কলিতা নামৰ যুৱকজন নীলাপানী হ্ৰদত সন্ধানহীন হয়৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ ৮ জন যুৱকক উদ্ধাৰ কৰাৰ লগতে হ্ৰদটোত সন্ধানহীন হৈ থকা “অসম কাৰ্বন” প্ৰতিষ্ঠানত কৰ্মৰত বিকি কলিতাক উদ্ধাৰ কৰিবলৈ আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখাৰ সময়লৈকে যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে ৷

You might also like