নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোটগ্রহণৰ পিছত

অসমৰ তিনিওটা পর্যায়ৰ ভোটগ্রহণ সমাপ্ত৷ ক’ৰ্বাত ক’ৰ্বাত দুই–এটা বিক্ষিপ্ত হিংসাত্মক ঘটনা সংঘটিত হ’লেও এইবাৰৰ বিধানসভা র্ন্বিাচন সামগ্রিকভাৱে শান্তিপূর্ণ আছিল৷ তদুপৰি, র্ন্বিাচনটোৰ আন এটা লক্ষণীয় দিশ হ’ল, উচ্চ হাৰত ভোটদান৷ কোনো সমষ্টিত ৯০ শতাংশৰো অধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে৷ ইয়াৰ বিপৰীতে ৰিগিঙৰ খ্বৰ তেনেকৈ ওলোৱা নাই৷ অর্থাৎ ভোটাৰে স্বেচ্ছাই ভোটকেন্দ্রলৈ ওলাই গৈ ভোট দিছে৷ ক’ পাৰি কোনো ধৰণৰ হেঁচা া চাপৰ সন্মুখীন হ’লগীয়া নোহোৱাকৈ ভোটদাতাই ভোটদান কৰিছে৷ ইয়ে ৰাজ্যখনত গণতন্ত্রৰ পৰিপক্বতাক প্রতিফলিত কৰিছে৷ উচ্চ হাৰত ভোটদান হোৱাটো গণতন্ত্রৰ ােব সুখ্বৰ৷ বিশ্বৰ হত্তম গণতান্ত্রিক ৰাষ্ট্রখনৰ গৰিমাক অসম বিধানসভাৰ র্ন্বিাচনে অধিক উজলাই তুলিলে৷ র্ন্বিাচনৰ পূর্েব সাধাৰণভাৱে ধাৰণা এটা কৰা হৈছিল যে এইেবলিৰ র্ন্বিাচনত জনসাধাৰণৰ অংশগ্রহণ সাংঘাতিক ধৰণৰ নহ’৷ বিশেষ ঢ়ৌবিহীন র্ন্বিাচনত সাধাৰণতে এনেকুৱাই হয়৷ তাতে ক’ৰোনাৰ শংকা এটা উমি উমি জ্বলি আছিল৷ কিন্তু ৰাজ্যখনৰ জনসাধাৰণে সকলো জল্পনা–কল্পনাক মিথ্যা প্রমাণিত কৰি ভোটদানৰ ক্ষেত্রত এক ধৰণৰ অভিলেখেই গঢ়িলে৷ অসমৰ ইতিহাসত সামগ্রিকভাৱে ইমান উচ্চ হাৰত ভোটদান হোৱাৰ নজিৰ পাবলৈ নাই৷ এইেবলিৰ র্ন্বিাচনটোত গ্রামাঞ্চলত অধিক হাৰত ভোটদান হৈছে৷ তদুপৰি, চৰাঞ্চলসমূহতো ভোটদানৰ হাৰ অধিক৷ ধর্মীয় সংখ্যালঘুৰ সতিস্থল দক্ষিণ শালমাৰা–মানকাচৰ জিলাই ভোটদানৰ ক্ষেত্রত ৰাজ্যৰ ভিতৰতে স্বাধিক ভোটদানৰ অভিলেখ গঢ়িলে৷ ইয়াৰ আঁৰৰ কাৰণ কি, অনাগত দিনত ৰাজনৈতিক বিশ্লেষকৰ অধ্যয়নত পোহৰলৈ আহ্বি৷ কিন্তু এটা কথা ঠিক,ব্য়াপক হাৰত ভোটদানে জনসাধাৰণৰ গণতন্ত্রৰ প্রতি থকা আস্থা–বিশ্বাসক সুন্দৰভাৱে প্রতিফলিত কৰিছে৷
এইবাৰৰ অসম বিধানসভা র্ন্বিাচনত ভোটগ্রহণৰ পৰা ভোটগণনালৈ র্ন্বিাচন আয়োগে এটা দীঘলীয়া বাট ৰাখি থৈছে৷ প্রায় এমাহৰ প্রতীক্ষা৷ ইয়াৰ কাৰণ পশ্চিম্বংগ বিধানসভা র্ন্বিাচন৷ অসমসহ দেশৰ তিনিখন ৰাজ্য আৰু এটা কেন্দ্রীয়শাসিত অঞ্চলত ইতিমধ্যে ভোটগ্রহণ প্রক্রিয়া সমাপ্ত হ’ল যদিও পশ্চিম্বংগত এইবাৰ আঠটা পর্যায়ত র্ন্বিাচনৰ দিহা কৰা হৈছে৷ ৰাজ্যখনৰ আইন–শৃংখলা পৰিস্থিতি, সম্ভাব্য হিংসাত্মক ঘটনা আদি ৰোধৰ ােব পর্যাপ্ত সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি র্ন্বিাচন আয়োগে এটা দীঘলীয়া সময় হাতত ল’লগীয়া হ’ল৷ সেইহেতু ভোটগণনাৰ দিনো ২ মে’লৈকে টানি ন্বিলগীয়া হ’ল৷ অসম, তামিলনাডু, কেৰালা, পডুচেৰীৰ ােব মাজৰ এই সময়ছোৱা ৰ বিৰক্তিকৰ আৰু দিন নাযায় ৰাতি নুপুৱায়ৰ দৰে হৈ পৰ্বি৷ অৱশ্যে ইয়াৰ মাজতে ৰাজনৈতিক দল–প্রার্থী আদিয়ে ২ মে’ত কি হ’ পাৰে, তাৰে আগতীয়া অনুমান দাঙি ধৰি নিজৰ লগতে বিষয়টোত কৌতূহল সময়ৰ বিৰক্তিৰ পৰা তুলি আনিছে৷ ভিন্ন পক্ষই ভিন্ন দাবী কৰি ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশটো উজ্জীৱিত কৰি ৰাখিছে৷ ইয়াক এটা স্বাভাৱিক প্রতিক্রিয়া লিও ক’ পাৰি৷ যিয়েই নহওক, ভোটগ্রহণৰ পিছত এনে ধৰণৰ জয়–পৰাজয়ৰ হিচাপ–নিকাচ চলেই৷ কিন্তু এই সময়ছোৱাত র্ন্বিাচন আয়োগৰ এটা গুৰুদায়িত্ব আছে৷ ষ্ট্রং ৰুমৰ সুৰক্ষা৷ ই যেন পানী নসৰকা হয়৷ অন্যথা যি আশা–প্রত্যাশাৰে লাখ লাখ ভোটাৰে ভোটকেন্দ্রলৈ গৈ ভোটদান কৰিলে, সেই সকলোৰে মূৰত চেঁচাপানী পৰ্বি৷ মানুহৰ গণতান্ত্রিক ৱস্থাটোৰ ওপৰত বিশ্বাস হেৰাই যাব৷ সেয়েহে এইবাৰ র্ন্বিাচন আয়োগৰ দায়িত্ব অধিক৷ াপক হাৰত ভোটদান হৈছে৷ তেওঁলোকৰ মত সুৰক্ষিত হৈ থাক্বি লাগ্বি৷

You might also like