নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডেৰ শতাধিক কেছ ডায়েৰীসহ ধৃত দালাল

নিয়মীয়া বাৰ্তা ২০ ছেপ্টেম্বৰঃ নগাঁৱত জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্রই থানাসমূহত চলি থকা দালালৰাজ বন্ধ কৰিবলৈ কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ সংবাদ মাধ্যমৰ আগত আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ ঘোষণা– ‘আৰক্ষী থানাত এতিয়াৰে পৰা কোনো দালালৰাজ নচলিব৷ বহুতো থানাত এতিয়াও দালালৰাজ চলি আছে৷ এইবোৰ বন্ধ হ’ব লাগিব৷’

উল্লেখ্য যে নগাঁও জিলাৰ বিভিন্ন আৰক্ষী থানাত একাংশ দালালে গোচৰৰ নামত দীর্ঘদিন ধৰি চলাই থকা দালালিৰ বিষয়ে আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ জ্ঞাত হোৱাত বিষয়টো গুৰুত্বসহকাৰে গ্রহণ কৰি এইক্ষেত্রত কঠোৰ ব্যৱস্থা হাতত লৈছে৷ আৰক্ষী থানাত আহি দালালৰ পাকচক্রত পৰি লটিঘটি হোৱা ঘটনা সন্দর্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিব পাৰি শেহতীয়াকৈ জিলাখনৰ প্রতিখন আৰক্ষী থানালৈ এনে দালালৰাজ বন্ধ কৰাৰ বাবে নির্দেশ জাৰি কৰাৰ লগতে কালি আৰক্ষী থানাত দালালি কৰাৰ অভিযোগত এটা দালালক গ্রেপ্তাৰ কৰে৷ নগাঁও জিলাৰ জুৰীয়া গৰিয়া কাৱৈমাৰীৰ ইছফাকুৰ ৰহমান নামৰ দালালজনক আৰক্ষী অধীক্ষকৰ নির্দেশত দেওবাৰে নিশা নগাঁও আৰক্ষীৰ বিশেষ শাখাই গ্রেপ্তাৰ কৰে৷

জিলাখনৰ বটদ্রৱা আৰক্ষী থানাত বিভিন্ন গোচৰৰ নামত দালালি চলোৱা ইছফাকুৰ ৰহমানৰ জিম্মাৰ পৰা আৰক্ষীয়ে ডেৰ শতাধিক কেছ ডায়েৰী উদ্ধাৰ কৰা ঘটনাই বিশেষ তাৎপর্য বহন কৰিছে৷ ধৃত ইছফাকুৰক আৰক্ষীয়ে বর্তমান জেৰা অব্যাহত ৰাখিছে৷ ইছফাকুৰৰ হাতলৈ কিদৰে বুজনসংখ্যক কেছ ডায়েৰী পালেগৈ এই ঘটনাই এতিয়া সকলোৰে চকু কপালত তুলিছে৷ ঘটনা সন্দর্ভত অধীক্ষক আনন্দ মিশ্রই আৰক্ষী–সংবাদ মাধ্যমৰ আগত কয়–‘ইছফাকুৰৰ লগত জড়িত আৰক্ষী বিষয়াক তদন্ত কৰি গ্রেপ্তাৰ কৰা হ’ব৷ আৰক্ষীৰ চাকৰি দালালৰ জৰিয়তে ধন ঘটিবলৈ নহয়৷ ধন ঘটিবলৈ কাৰোবাৰ মন থাকিলে আৰক্ষীৰ চাকৰি এৰি ব্যৱসায় কৰক৷’ তেওঁ কয় যে আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু শীঘ্রেই দালালিৰ লগত জডিত কেইবাটাও দালাল আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে৷ অৱশ্যে আৰক্ষীয়ে তদন্তৰ খাটিৰত সবিশেষ তথ্য সদৰী কৰাৰ পৰা বিৰত আছে৷

উল্লেখ্য যে নগাঁও জিলাৰ বিভিন্ন আৰক্ষী থানাত বিভিন্ন গোচৰৰ নামত এই দালাল চক্রটোৱে দালালি চলাই আহিছিল৷বিশেষকৈ জিলাখনৰ বটদ্রৱা, ধিং, ৰূপহীহাট, জুৰীয়া, চামগুৰিকে ধৰি একাংশ থানাত দালালৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছিল৷ একাংশ দুর্নীতিগ্রস্ত আৰক্ষীৰ সহযোগত শিপা গজা এই দালালৰ জৰিয়তে আৰক্ষীয়ে গোচৰৰ নামত ধনৰ লেনদেন চলাই আহিছিল৷ শেহতীয়াকৈ নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্রই দালালৰ বিৰুদ্ধে এই পদক্ষেপ গ্রহণ কৰাৰ পাছতেই দালালি চলি থকা আৰক্ষী থানাসমূহৰ আৰক্ষীৰ মাজতো একপ্রকাৰ হাহাকাৰ সৃষ্টি হৈছে৷ অৱশ্যে আৰক্ষী থানাৰ পৰা এই দালাল উৎখাত অভিযানত দালালক প্রশ্রয় দিয়া আৰক্ষী জালত পৰিবনে নপৰে সেইটো স্বাভাৱিকতে লক্ষণীয় হ’ব৷

You might also like