নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অতীত হোৱাৰ পথত অইল ইণ্ডিয়াৰ প্ৰথমটো কাৰ্যালয়ঃ ৬০ দশক পুৰণি অইল ইণ্ডিয়া লিমিটেডক নব্য আধুনিকতাৰ পৰশ

নিয়মীয়া বাৰ্তা , ১০ জুন — ইতিহাস হ’বলৈ গৈ আছে ৬০ দশক পুৰণি অইল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজানস্হিত প্ৰথমটো কাৰ্যালয় । স্বাধীনতাৰ পাছত গঠন কৰা ভাৰতবৰ্ষৰ দ্বিতীয়টো তেল কোম্পানী অইল ইণ্ডিয়া লিমিটেডৰ ইতিহাস বহন কৰা প্ৰথমটো অইল কাৰ্যালয়  Labour Welfare Department অৰ্থাৎ শ্ৰম কল্যাণ বিভাগৰ (বৰ্তমান কৰ্মচাৰী সম্পৰ্কৰক্ষী অৰ্থাৎ ই.আৰ ) পুৰ্ননিৰ্মাণৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে । পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাই পুৰণিৰ ভেটিতে ভৱিষ্যত পৰিকাঠামো সবল ৰূপত আত্মপ্ৰকাশ ঘটোৱাৰ বিজ্ঞানসন্মত পৰিকল্পনাৰে ৬২ বছৰীয়া অইল ইণ্ডিয়া লিমিটেডৰ অৰ্ন্তঃভাগ আৰু বৰ্হিঃভাগ দুয়োটাতে আধুনিকতাৰ চাপ পৰিব ।

উল্লেখযোগ্য যে ১৯৫৯ চনৰ ১৮ ফেব্ৰুৱাৰীত বাৰ্মা অইল কোম্পানী আৰু ভাৰত চৰকাৰৰ যুটীয়া অংশীদ্বাৰিত্বৰ উদ্যোগ হিচাপে দুলীয়াজানত শ্ৰম কল্যাণ কাৰ্যালয় স্হাপনেৰে অইল ইণ্ডিয়া লিমিটেডৰ জন্ম হৈছিল। পৰৱৰ্তী কালৰ ১৯৮১ চনৰ পৰা অইল ইণ্ডিয়া লিমিটেড সম্পূৰ্ণভাৱে ভাৰত চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হৈ পৰে। সেইসময়ৰ অইল কোম্পানীৰ একাংশ কৰ্মোদ্যোম বিষয়া-কৰ্মীৰ উৎসৰ্গিত মনোভাৱ আৰু সু-পৰিকল্পিত কাৰ্যপ্ৰণালীৰ বাবেই অইল ইণ্ডিয়া লিমিটেড দেশৰ ৰাজহুৱা খণ্ডৰ তৈল উদ্যোগ প্ৰতিষ্ঠানৰ ভিতৰত দ্বিতীয় বৃহৎ আৰু নৱৰত্ন কোম্পানীৰ মৰ্যদাৰ গৌৰৱেৰে গৌৰাৱান্বিত । অইলৰ প্ৰথম কাৰ্যালয় শ্ৰম কল্যাণ বিভাগৰ সমসাময়িকভাৱে নিৰ্মাণ কৰা হৈছিল অইল ইণ্ডিয়াৰ মুখ্য ক্ষেত্ৰীয় কাৰ্যালয় আৰু চিভিল বিভাগীয় কাৰ্যালয় । অইলৰ মুখ্য ক্ষেত্ৰীয় কাৰ্যালয়ৰ দুমহলীয়া বিল্ডিংটো একালত উজনি অসমৰ অন্যতম বিল্ডিং হিচাপে পৰিগণিত হৈছিল ।

অসমীয়া পুৰণি কথাছবি “ডঃ বেজবৰুৱা”ৰ ক্লাইমেক্স চিনটো অইলৰ এই মুখ্য ক্ষেত্ৰীয় কাৰ্যালয়তে চিত্ৰগ্ৰহণ কৰা হৈছিল । বেজবৰুৱা কথাছবিখনৰ মুক্তিৰ সমসাময়িকতে অইলৰ মুখ্য ক্ষেত্ৰীয় কাৰ্যালয়টো শুভ উদ্বোধন কৰা হয়। সেইদৰে অইলৰ ইতিহাস বহন কৰা অন্যতম চিভিল বিভাগীয় কাৰ্যালয়টোৰ সন্মুখৰ বহল পথচোৱা উপৰি সমগ্ৰ অইল টাউনশ্বিপখন ৬০ দশকৰ আৰম্ভণিতে বিট্ৰিছৰ ধ্যান ধাৰণাৰে নিৰ্মাণ কৰা হৈছিল ।

লক্ষণীয় যে এইসমূহ ইতিহাসৰ স্বাক্ষৰ বহনকাৰীৰ ভিতৰত অইলৰ প্ৰথমটো কাৰ্যালয় (ই.আৰ)ৰ ভেটিত পাঁচ মহলীয়া এটা অট্ৰালিকাৰ সৌধ নিৰ্মাণৰ প্ৰস্তুতি চলিছে । অহা দুই-তিনিবছৰৰ ভিতৰত অইলৰ নতুন প্ৰাসাদোপম কাৰ্যালয়টোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা। কাৰ্যালয় পুৰ্ননিৰ্মাণৰ সমান্তৰালভাৱে অইলৰ কৰ্মচাৰী সম্পৰ্কৰক্ষী বিভাগৰ সৈতে সামঞ্জস্য থকা অন্যান্য বিভাগসমূহ সংস্কাৰ সাধন কৰি HR Relation, HR Acquisition, HR Establishment, HR Development এই পুৰ্নগঠিত বিভাগসমূহ নতুন কাৰ্যালয়টোলৈ স্হানান্তৰ কৰাৰ পৰিকল্পনা কৰিছে অইলে । সেইদৰে পাব্লিক এৰ্ফেয়াৰচৰ সৈতে ফিল্ড অপাৰেচন শাখা অন্তৰ্ভুক্ত কৰি বিভাগীয় পৰিসৰ বৃদ্ধি কৰা হৈছে ।

অৰ্থাৎ অইলৰ পূৰ্বৰ কৰ্মচাৰী সম্পৰ্কৰক্ষী (ER), এডমিনিষ্ট্ৰেচন আৰু পাৰ্চনেল বিভাগৰ নামসমূহ বিলুপ্তি ঘটাই  HR Relation, HR Acquisition, HR Establishment, HR Development বিভাগসমূহ পুৰ্নগঠন কৰা হৈছে । কাৰ্যালয় পুৰ্ননিৰ্মাণ আৰু বিভাগীয় সংস্কাৰ সাধন তথা পুৰ্নগঠনৰ পৰিপ্ৰেক্ষিতত সাংগঠনিক উৎপাদনশীলতা, সম্পদ আৰু সময়ৰ সদ্ব্যব্যৱহাৰ, কামৰ সৰলীকৰণ, সু-শৃংখলপূৰ্ণ আদি এনেবোৰ সুবিধাৰ উপৰি বিভাগীয় সিদ্ধান্তসমূহ এগৰাকী বিষয়াৰ ওপৰতে নিৰ্ভৰ কৰিব বুলি উল্লেখ কৰিছে অইলৰ মুখপাত্ৰ ত্ৰিদীৱ হাজৰিকাই ।  ইফালে সময়ে সময়ে প্ৰাকৃতিক ঘটনা-পৰিঘটনায়েও অইলৰ পুৰণি ই.আৰ কাৰ্যালয়টো বিপদমুখী কৰি তুলিছিল । সেয়ে সকলো দিশ সামগ্ৰিকভাৱে বিচাৰ বিবেচনা কৰি বৈজ্ঞানিক পৰ্য্যবেক্ষণৰে অইল ইণ্ডিয়া লিমিটেডক নতুনত্ব চাপ দিয়াৰ পোষকতা কৰে উৰ্ধতন মহলে । অইল ইণ্ডিয়া লিমিটেডৰ জন্মৰ ইতিহাস ধৰি ৰখা তথা
বহু আবেগ জড়িত পুৰণি কাৰ্যালয়টোৰ খুটাঁত হাতুৰিৰ কোব পৰাৰ দুখঃবোধে ক্ৰিয়া কৰিলেও বাস্তৱসন্মত পৰিকল্পনাৰে অইল ইণ্ডিয়াৰ বিভাগীয় কাৰ্যকুশলতা বৃদ্ধিৰে উদ্যোগটোক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি অইল ইণ্ডিয়ান সকলৰ মনত আশাৰ সঞ্চাৰ হৈছে।

You might also like