নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেগাছাছক ‘হিৰোছিমাৰ বোমা’ আখ্যা ৰাউটৰ

নিয়মীয়া বাৰ্তা ২৬ জুলাইঃ পেগাছাছৰ ফোন টেপিঙৰ ধুমুহাই দেশৰ ৰাজনীতি উত্তাল কৰি থকাৰ সময়তে আজি শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে ইয়াক হিৰোছিমাৰ বোমা বিস্ফোৰণৰ সৈতে তুলনা কৰিছে৷ পেগাছাছৰ ফোন টেপিঙে দেশৰ স্বাধীনতাক মৃত্যুৰ দিশলৈ ঠেলি দিয়া বুলিও উল্লেখ কৰে ৰাউটে৷ জাপানৰ হিৰোছিমা চহৰত আমেৰিকাৰ আণৱিক হিংস্রতাই মুহূর্ততে অসংখ্য লোকৰ প্রাণ কাঢ়িছিল৷ পেগাছাছে দেশৰ নাগৰিকৰ স্বাধীনতা কঢ়া বুলি শিৱসেনাৰ মুখপত্র ‘সামনা’ত সাপ্তাহিক স্তম্ভত উল্লেখ কৰিছে নেতাগৰাকীয়ে৷

ইফালে, জ্যেষ্ঠ কংগ্রেছ নেতা পি চিদাম্বৰমে এই ঘটনা সন্দর্ভত চৰকাৰে যুটীয়া সংসদীয় কমিটীৰ তদন্ত দিব লাগে নাইবা উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত এগৰাকী বিচাৰপতিৰ দ্বাৰা এই ঘটনাৰ তদন্ত চলাব লাগে বুলি দাবী জনাইছে৷ লক্ষণীয়ভাৱে প্রধানমন্ত্রী মোদীয়ে পেগাছাছৰ ফোন টেপিং সন্দর্ভত সংসদত বিবৃতি দিব লাগে বুলিও দাবী কৰিছে চিদাম্বৰমে৷

You might also like