নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱত যোগান মন্ত্রী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ আছুৰ

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰঃ ৰাজ্যত অত্যাশ্যকীয় সামগ্ৰীৰ দাম হোৰাহোৰে বৃদ্ধি পোৱাৰ ফলত সাধাৰণ জনতাৰ পৰিয়াল চলোৱাই কঠিন হৈ পৰিছে । যাৰ বাবে আজি দিনৰ প্ৰায় ২.৩০ বজাত ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছয়গাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত যোগান মন্ত্রীৰ প্ৰতিকৃতি দাহ কৰে । যোগান মন্ত্রী ফণিভূষণ চৌধুৰী হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা সোণোৱাল চৰকাৰ হায় হায়, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায়, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থা জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰী সকলে পৰিৱেশ উত্তাল কৰি তোলে । উল্লেখ্য যে প্ৰতিকৃতি দাহ কৰাৰ সময়ত ছয়গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথ কিছুসময় যানবাহন চলাচল ব্যাহত হৈ পৰে । আজি এই প্ৰতিবাদত উপস্হিত থাকে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ভৱেশ দাস, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক ধ্ৰুৱ তালুকডাৰ, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উপম দাস, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক শচীন দাস, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক নুৰ ইছলামকে প্ৰমুখ্যে কৰি ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া তথা সদস্যসকল ।

You might also like