নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত দ্বাদশ শ্ৰেণীৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা,৭ জুনঃ ৰাজ্যৰ শৈক্ষিক দিশত অধিক গুৰুত্ব আৰোপ কৰি অসম চৰকাৰে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি যোগানৰ বাবে লোৱা আঁচনি অনুসৰি আজি চিৰাং জিলাত পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে ঢালিগাঁও হাইস্কুলৰ সভাকক্ষত সম্পূৰ্ণ ক’ভিড বিধি মানি বিনামূলীয়া পাঠ্যপুথি বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। চিৰাং জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিছাপে উপস্থিত থাকি জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে।

উল্লেখ্য যে আজি জিলাখনৰ মুঠ ৯ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰা পাঠ্যপুথি সমূহ আনুষ্ঠানিক ভাবে বিতৰণ কৰে। আজিৰ অনুষ্ঠানত বিনামূলীয়া পাঠ্যপুথি লাভ কৰা বিদ্যালয় কেইখন হ’ল ক্ৰমে- বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, আমগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, বড়ো বজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, টুক্ৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বেংতল উচ্চতৰ মাধ্যমিক বিদ্যালয়, নেতাজী সুভাষ বিদ্যা নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়,বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চিদলী-কাশীকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়। অনুষ্ঠানৰ অন্তত চিৰাং জিলা একাডেমীক কাউন্সিলৰ সচিব নীলকমল বসুমতাৰীয়ে শলাগৰ শৰাই যাচে।।

You might also like