নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ বৰতালোৱাত গাঞ্জা সহ এজন যুৱক আৰু এজন নাবালক আটক

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰ: চিৰাং জিলাৰ জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৰতালোৱাত আজি আৰক্ষীয়ে অভিযান চলাই সন্দেহযুক্ত গাঞ্জা(Cannabis) সৰবৰাহত জড়িত থকাৰ অপৰাধত এজন যুৱক আৰু এজন নাবালকক আটক কৰে। চিৰাং জিলা আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে এক বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত চিৰাং আৰক্ষীৰ অভিযানকাৰী দলে বৰতালোৱাত অভিযান চলাই আব্দুল মোন্নাফ আলীৰ পুত্ৰ কামাল হাছেন মোল্লা(২৬)ৰ লগতে এজন নাবালকক আটক কৰে। আটক কৰা দুয়োজনৰ জিম্মাৰ পৰা ২০০০গ্ৰাম গাঞ্জা, এটা ভিভো মোবাইল হেণ্ডচেট আৰু গাঞ্জা সেৱনত ব্যবহৃত এটা পাইপ জব্দ কৰে। ঘটনা সংক্ৰান্তত ঢালিগাঁও থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলিও জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।।

You might also like