নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ সোনতলী পুৰান কুচীয়াত এটা পৰিয়ালৰ দুটি শিশুৰ সলিল সমাধি

নিয়মীয়া বাৰ্তা ,১২ অক্টোবৰঃ পখিলা খেদা বয়সতে ফুল বুটিবলৈ গৈ একে পৰিয়ালৰ দুই পুত্ৰ-কন্যা পানী পৰি মৃত্যু হয়।  এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয় কামৰূপ জিলাৰ  বকো সমষ্টি আৰু ছয়গাঁও সমষ্টিৰ সীমা মুৰিয়া গাওঁ পুৰাণকুচীয়াত ৷ এটা পৰিয়ালৰ  দুই সন্তানৰ   সলিল সমাধি ঘটে৷

জানিব পৰা মতে, সোনতলী পুৰাণকুচীয়া গাঁৱৰ স্বাহ আসমৰ ছবছৰীয়া কন্যা আফ্ৰিন চুলতানা, আৰু তেঁওৰে ককায়েক জাহিদুল ইছলামৰ ছবছৰীয়া পুত্ৰ স্বাকিল খন্দকাৰ মঙ্গবাৰে নিজ পুখুৰীৰ পাৰত ফুল বুটুলিবলৈ গৈ দুয়োজনেই একেলগে পানীত পৰাৰ সন্দেহ প্ৰকাশ কৰে পৰিয়ালৰ লোকে।  পৰিয়ালৰ লোকে বহু পলকৈ সন্তান দুটিৰ বিচাৰ-খোচাৰ কৰি পানীৰ পৰা উঠাই সোনতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিয়ে যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে ৷ এই ঘটনাই পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে ৷

You might also like