নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিৰ দুৰাৰোগ্য কেঞ্চাৰ ৰোগীলৈ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ এককালিন সাহাৰ্য

নিয়মীয়া বাৰ্তা , ১২ অক্টোবৰঃ পশ্চিম শুৱালকুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৰডিং ৰোদৰ এগৰাকী ২১ বছৰীয়া যুৱক দীৰ্ঘদিন ধৰি দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে ৷ আৰ্থিক ভাৱে অতি দূৰ্বল হোৱাৰ বাবে পৰিয়ালটিয়ে যুৱকজনক উপযুক্ত চিকিৎসা আগবঢ়াব পৰা নাই ৷ এই সন্দৰ্ভত ৰাইজৰ পৰা চিকিৎসাৰ সহায় বিচাৰি নিয়মীয়া বাৰ্তা এটি বাতৰিয়ো প্ৰকাশ পাইছিল ৷ বাতৰিটো প্ৰকাশ পোৱাৰ পিছত দুই এটা স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মকৰ্তা সকল আগবাঢ়ি আহিছিল যদিও উপযুক্ত চিকিৎসা সেৱা আগবঢ়ালৈ সদইচ্ছাৰ অভাৱ হৈছিল ৷ বিষয়টি স্থানীয় বিজেপি’ৰ দ্বায়িত্বত থকা কৰ্মকৰ্তা সকলে অসমৰ মুখ্যমন্ত্ৰীক অৱগত কৰিছিল ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে বিষয়টো অৱগত হোৱাত তেওঁ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ(c.m.relief fund) ৰ পৰা ২৫০০০ টকাৰ চেক এখন দি সহায়ৰ হাত আগ বঢ়োৱাৰ লগতে যুৱক জনৰ চিকিৎসা মুখ্যমন্ত্ৰীৰ বিশেষ সহায়ত গুৱাহাটী কেঞ্চাৰ হস্পিতালত বৰ্তমান চলি আছে ৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীৰ ব্যক্তিগত সহায়ক তথা বিজেপি অসম প্ৰদেশ কৃষান মৰ্চাৰ উপ সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্যইয়ো সহায়ৰ বিশেষ উদ্যোগ গ্ৰহণ কৰে । মুখ্যমন্ত্ৰীৰ এনে প্ৰশংসনীয় কাৰ্যই বিজেপি স্থানীয় কৰ্মকৰ্তা সকলক উৎসাহিত কৰাৰ লগতে আৰ্থিক ভাৱে জুৰুলা পৰিয়াটিয়ো কিছু পৰিমাণে সকাহ লাভ কৰিছে ৷ পৰিয়ালটিয়ে মুখ্যমন্ত্ৰী ড°শৰ্মাক আৰু বিশেষ ভাৱে সহযোগ আগবঢ়োৱা ৰঞ্জিত ভট্টাচাৰ্যক ধন্যবাদ জ্ঞাপন কৰিছে আৰু যুৱকজনৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া কৰি দিবলৈকে অনুৰোধ জনাইছে ৷

দিলীপ মেধি, শুৱালকুছি

You might also like