নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী বৰকোনা কালী ধামত মাৰ্বল পাথৰেৰে নিৰ্মিত ৭৫ সংখ্যক দুৰ্গাপুজা

 নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰ :- দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী বৰকোনা কালী ধামত আজি পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে ৭৫ সংখ্যক দুৰ্গাপুজাৰ মহাসপ্তমি সম্পন্ন কৰা হয়।

উল্লেখযোগ্য যে বিগত ৭৫ বছৰ ধৰি অসম-মেঘালয় সীমান্তৱৰ্তী বৰকোনাত কালী ধামত দুৰ্গা পুজা পালন কৰি আহিছে এই অঞ্চলৰ কোচ-হাজং সম্প্ৰদায়ৰ লোক সকলে। কালী ধামৰ স্থায়ী মণ্ডৱত স্থায়ী ভাবে মাৰ্বল পাথৰেৰে নিৰ্মাণ কৰা দেৱীৰ প্ৰতিমাৰ কাষতে কেবাটাও দেৱীৰ প্ৰতিমা কালি ষষ্টীৰ দিনা প্ৰতিষ্ঠা কৰাৰ পাছত আজি পুৱাৰে পৰা মহাসপ্তমি পুজা অনুষ্ঠিত কৰা হয়। পুৱাৰে পৰা দিনৰ প্ৰায় ১২.৩০ বজালৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছত মহাসপ্তমি পুজা সমাপ্ত হয়। কাইলৈ অষ্টমীৰ বাবেও বিভিন্ন কাৰ্যসূচী লোৱা হৈছে এই কালী ধামত। আনহাতে মহানৱমীৰ দিনা পুৱা ৮ বজাত এই কালী ধামত কুমাৰী পুজাৰ আয়োজন কৰা হ’ব। জিলাখনত একমাত্ৰ এই কালী ধামত প্ৰতিবছৰে কুমাৰী পুজা উলহ মালহেৰে পালন কৰা হয়। দুৰ্গা পুজা উপলক্ষে ভক্ত সকলৰ সমাগমৰ ক্ষেত্ৰত কোভিড প্ৰটকল মানি কালী ধামত প্ৰৱেশ কৰাৰ বাবে ভক্ত সকলক আয়োজক সকলে আহ্বান জনাইছে।

আনহাতে হিন্ধু মুছলমানৰ মিলনভূমি হিচাপে জনাজাত মানকাচৰৰ বাঘাপাৰাতো বিগত ৩৫ বছৰ ধৰি পালন কৰি আহিছে শাৰদীয় দুৰ্গা পূজা। অসম মেঘালয় সীমান্তবৰ্তী বাঘাপাৰা এই দুৰ্গা মন্দিৰত কোভিড প্ৰটকল মানি দুৰ্গা পূজা পালন কৰি থকা পৰিলক্ষিত হৈছে। গীয়াছ উদ্দীন নামৰ মুছলমান ব্যক্তিজনৰ সহযোগিতাত বাঘাপাৰাত প্ৰতিবছৰে এই দুৰ্গা মন্দিৰত উদযাপন কৰা হয় পূজা। এইবাৰো এইদৰে বাঘাপাৰাত পূজাৰ আয়োজন কৰা হৈছে। মানকাচৰত এতিয়া মন্দিৰে মন্দিৰে উখল মাখল প্ৰৱেশৰ সৃষ্টি হয়। মানকাচৰ জিলাত এইবাৰ প্ৰায় শতাধিক পূজা সমিতিয়ে দুৰ্গা পূজাৰ আয়োজন কৰিছে বুলি জানিব পৰা গৈছে।

কবিৰ মণ্ডল

You might also like