নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাক জয় কৰিলে এটি দুমহীয়া দেৱ শিশুৱে

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ ৰাজ্যত ক’ৰোনাৰ সংহাৰ। ক’ৰোনাৰ কৰাল গ্ৰাসৰ পৰা সাৰি যোৱা নাই শিশু। ১০০ বছৰীয়া বৃদ্ধৰ পৰা দুমহীয়া শিশুলৈকে ক’ৰোনাই এৰি দিয়া কোনো লোক।

ক’ৰোনাৰ হাতোৰাত আৱদ্ধ হৈ পৰিল এটি দুমহীয়া কণমানি। গোৱালপাৰা জিলাৰ আগিয়াৰ বাসিন্দা এটা পৰিয়ালৰ আটাইকেইজন লোকেই আক্ৰান্ত হৈছিল ক’ৰোনাত। চাৰিজনীয়া পৰিয়ালটোত আছিল এটি দুমহীয়া আৰু ৫ বছৰীয়া শিশুসহ পিতৃ-মাতৃ। কিন্তু ভালখবৰ যে শিশুসহ পৰিয়ালটো সুস্থ হৈ ঘৰলৈ উভটিছে।

You might also like