নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী IITৰ দীক্ষান্ত সমাৰোহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

অনলাইনযোগে অনুষ্ঠিত হৈছে দীক্ষান্ত সমাৰোহ

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ গুৱাহাটী IITৰ দীক্ষান্ত সমাৰোহ আজি অনুষ্ঠিত হৈ যায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে দীক্ষান্ত সমাৰোহত। ক’ভিডৰ পৰিপ্ৰেক্ষিতত ২২ সংখ্যক দীক্ষান্ত সমাৰোহ অনলাইনযোগে অনুষ্ঠিত হয়।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি উপস্থিত থাকে। এই দীক্ষান্ত সমাৰোহত ৬৪১জনক বি টেক, ৬১০জনক এম টেক আৰু ২৮৫জনক পি এইছ ডি ডিগ্ৰী প্ৰদান কৰা হয়।

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে IIT গুৱাহাটীৰ প্ৰতিজন প্ৰফেচৰ, ইয়াৰ পৰিবেশ একো একোটা উপহাৰ। শিক্ষাৰ্থীবোৰৰ সপোনবোৰ বাস্তৱ ভাৰতৰ সৈতে খাপ খায়।

You might also like