নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ অক্টোবৰলৈ বৃদ্ধি ৰিয়া চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মাৰ ম্যাদ

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ সুশান্তৰ গোচৰৰ অভিযুক্ত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মাৰ ম্যাদ আজি শেষ হৈছিল যদিও পুনৰ দুসপ্তাহলৈ বৃদ্ধি কৰা হৈছে ন্যায়িক জিম্মাৰ ম্যাদ। অৰ্থাত ৬ অক্টোবৰলৈ তেওঁ থাকিব লাগিব এন চি বিৰ জিম্মাত। বিশেষ আদালতে আজি এই নিৰ্দেশনা দিয়ে।

আনহাতে ৰিয়া আৰু তেওঁৰ ভাতৃ সৌভিকৰ জামিনৰ বাবে পুনৰ আবেদন কৰা হৈছে বোম্বে উচ্চ ন্যায়ালয়ত। এই আবেদনৰ শুনানি কাইলৈ হোৱাৰ কথা আছে। জামিন লাভ নকৰিলে ৰিয়া তথা ভাতৃ সৌভিক ৬ অক্টোবৰলৈ এন চি বিৰ ন্যায়িক জিম্মাতে থাকিব লাগিব।

উল্লেখ্য যোৱা ১১ ছেপ্টেম্বৰত মুম্বাইল বিশেষ এনপিডিএছ আদালতে অভিযুক্ত ৰিয়া আৰু ভাতৃ সৌভিকৰ জামিন আবেদন খাৰিজ কৰিছিল।

You might also like