নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাইবাৰ ক্ৰাইমঃ ডিব্ৰুগড়ত চিকিৎসকৰ পৰা হেকাৰে লুটিলে ডেৰ লক্ষাধিক টকা!

বিশেষ বাৰ্তা, ২ ছেপ্টেম্বৰঃ অবিশ্বাস্য! অভিনৱ কৌশল! হয়তো আপুনি কাহানিও শুনাই নাই। সাৱধান!যিকোনো মুহুৰ্তত আপোনাৰ একাউণ্টৰ পৰা কষ্টোপাৰ্জিত সাঁচতীয়া সমুদায় টকা নাইকিয়া হৈ যাব পাৰে! বা সকলো টকা আপোনাৰ চকুৰ সন্মুখতে বেলেগ একাউণ্টলৈ স্থানান্তৰ হব পাৰে! হয়, তেনে এক ঘটনাই সংঘটিত হৈছে ডিব্ৰুগড়ৰ চিকিৎসক দম্পতীৰ সৈতে।এইবাৰ চাইবাৰ ক্ৰাইমৰ বলি হৈ এগৰাকী চিকিৎসকৰ নিজৰ একাউণ্ট প্ৰায় সম্পূৰ্ণৰূপে খালী হোৱা ঘটনাই ব্যাপক চাঞ্চল্য স্বৃষ্টি কৰাৰ লগতে সকলোৰে চকু কঁপালত তুলিছে।কেৱল সিমানেই নহয়;এইবাৰ হেকাৰে আত্মপ্ৰকাশ কৰিলে ভাৰতীয় সেনাৰ বেশত।যাতে কোনেও তিলমাত্ৰাও সন্দেহ কৰিব নোৱাৰে।এনদৰেই চাইবাৰ অপৰাধীয়ে নিতৌ ন-ন কৌশল প্ৰয়োগৰে সাধাৰণ জনতাৰ ধন কৌশলৰে আত্মসাৎ কৰি আহিছে।এইবাৰ ৰোগীৰ চিকিৎসা কৰোৱাৰ বাবদ চিকিৎসকক ফিজ দিয়াৰ সন্দৰ্ভত উলোটাই লুটিলে চিকিৎসকৰ একাউণ্টৰ সমুদায় টকা।শেহতীয়াকৈ বিভিন্ন পদ্ধতিৰে, বিভিন্ন চালনাৰে হেকাৰে সৰ্বসাধাৰণ ৰাইজৰ সাচঁতীয়া ধন লুট কৰি অহাৰ সময়তে চতুৰ হেকাৰে ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠৰ চিকিৎসক দম্পতীৰ একাউণ্টৰ পৰা ধন উলিয়াই নিয়া ঘটনাত সকলো হতভম্ব হৈ পৰিছে।জানিব পৰামতে অসম চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ চিকিৎসক ডাঃ শান্তনু বৰাৰ পত্নী তথা দন্ত চিকিৎসক ডাঃ শিল্পীকা চুতীয়াৰ একাউণ্টৰ পৰা নগদ ডেৰ লক্ষ্যাধিক টকা লুটিলে হেকাৰে ভাৰতীয় সেনাৰ নামত।দন্ত চিকিৎসক গৰাকীৰ ওচৰলৈ চিকিৎসা কৰাবলৈ বুলি সেনাৰ ডিব্ৰুগড়ৰ মোহনবাৰীৰ সেনা চাউনীৰ পৰা ৩০ জনীয়া জোৱান যোৱাৰ বাবে বহু দিন ধৰি চিকিৎসক গৰাকীৰ সৈতে যোগাযোগ কৰি আহিছিল।দন্ত চিকিৎসক গৰাকীয়ে প্ৰথম পৰ্যায়ত বিশেষ গুৰুত্ব দিয়া নাছিল যদিও ভিডিঅ’ ফোন পৰ্যন্ত কৰি সেনাৰ পোছাক পৰিহিত লোক কেইজনে বাৰম্বাৰ ফোন কৰি বিনয়ীভাবে অনুৰোধ কৰাত ভাৰতীয় সেনাৰ প্ৰতি থকা আনুগত্যৰ বাবে নিজৰ ব্যক্তিগত চেম্বাৰলৈ এবাৰত ১০ জনকৈ আহিব পাৰিব বুলি তেওঁলোকক জনায়।অৱশেষত ডাঃ শিল্পীকা চুতীয়াৰ ওচৰলৈ চিকিৎসা গ্ৰহণ কৰাৰ বাবদ নিজকে সেনা বুলি পৰিচয় দিয়া তথা তেওঁবিলাকৰ সেনাৰ ক’ড নাম্বাৰ পৰ্যন্ত প্ৰকাশ কৰি দলটোৱে আগতীয়াকৈ চিকিৎসকৰ ফীজ দিয়াৰ বাবে চিকিৎসক গৰাকীক অনুৰোধ জনাই।সেয়ে আগধন ভৰাই দিবৰ বাবে শ্ৰীঘে ফোনপে’ এপটো ডাউনলড কৰিবলৈ ডাঃ শিল্পীকাক অনুৰোধ জনায়।চিকিৎসক গৰাকীয়ে মবাইলত স্পেচ নোহোৱাৰ বাবে সেয়া নহব বুলি কোৱাত সেনাৰ বেশধাৰী হেকাৰে পেটিএম এপটো ডাউনলড কৰিবলৈ হেঁচা দিয়ে।মুঠৰ ওপৰত চিকিৎসক গৰাকীক আজিয়েই টকা ভৰাই দিব।শেষত উপায়ন্তৰ হৈ চিকিৎসক গৰাকীয়ে পেটিএম এপটো ডাউনলড কৰে।তাৰ পাছতে সেনাৰ বেশধাৰী হেকাৰে এটা কাৰ্ড নম্বৰ দিয়ে চিকিৎসকগৰাকীক আৰু সেই নম্বৰটো টাইপ কৰিবলৈ কয় আৰু খৰতকীয়াকৈ হিন্দী ভাষাতে ইউ পি আই নম্বৰটো দিবলৈকো কয় আৰু প্ৰথমে ৫০ হাজাৰ টকা আগধন হিচাপে দিম বুলিও প্ৰকাশ কৰে।এই সমগ্ৰ ঘটনা মবাইল ভিডিঅ’ৰ জৰিয়তে হৈ আছিল বুলি চিকিৎসক গৰাকীয়ে প্ৰকাশ কৰি পুনৰাই কয় যে ইউপিআই নম্বৰ দিয়াৰ লগে লগেই চাৰিবাৰ ট্ৰেঞ্চজ্যেকচনৰ বিনিময়ত আগতীয়াকৈ চিকিৎসাৰ বাবে ফীজ দিয়াৰ নামত কৌশলেৰে চিকিৎসক গৰাকীৰ একাউণ্ট পৰা লৈ গল ডেৰ লক্ষ্যাধিক টকা।অৱশেষত উপায়ন্তৰ হৈ চিকিৎসক দম্পতীয়ে ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ কাষ চাপিছে।ৰাজ্যৰ বিভিন্ন অ-সচেতন লোকক বিভিন্ন কৌশলেৰে একাউণ্টৰ ধন লুণ্ঠন কৰি নিয়াৰ সময়তে এগৰাকী চিকিৎসকক চিকিৎসা সেৱা গ্ৰহণ কৰাৰ কথা দি উলোটাই ধন লৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।গতিকে কোনো অচিনাকি লোকৰ ফোন কল বা মেছেজ বা লিংকত ক্লিক কৰা বা আপোনাৰ বেংকৰ তথ্য দিয়াৰ আগত হাজাৰ বাৰ ভাবক।অন্যথা এনে কু-চক্ৰৰ কবলত পৰৰি আপুনিও হেৰুৱাব পাৰে নিজ জীৱনৰ সমগ্ৰ সাচঁতীয়া ধন চিৰজীৱনলৈ।

প্ৰেৰক বিভাস দুৱৰা

You might also like