নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহা সমষ্টিত দলীয় টিকটক লৈ বিজেপিৰ জটিল অংক! ভিৰ টিকটপ্ৰত্যাশীৰ

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে দলীয় ৰাজনীতিত টিকটপ্ৰত্যাশীৰ ব্যাপক ভিৰৰ দৰে ৮২নং ৰহা বিধানসভা সমষ্টিত বিজেপি আৰু কংগ্ৰেছ দলত টিকটপ্ৰত্যাশীৰ ভিৰ দেখা গৈছে।

জানিব পৰা মতে, ইয়াৰ ভিতৰত বিজেপি দলত বৰ্তমান সময়লৈকে সৰ্বাধিক ১৩জনে দলীয় টিকট বিচাৰি নিৰ্বাচনী কুচকাৱাজ চলাই আছে। মন কৰিবলগীয়া যে মুছলমান ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা ৰহা বিধানসভা সমষ্টিটো বিগত ২০১৬ চনত বিজেপি দলে দখল কৰিছিল যদিও আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ বাবে কঠিন হৈ পৰিছে।

দিছপুৰ দখলৰ লক্ষ্যৰে কংগ্ৰেছ আৰু এআইইউডিএফৰ মহাজোঁট বন্ধনৰ ফলত ৰহা সমষ্টিত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে বিজেপি। সেয়ে  বিজেপিৰ মিছন-১০০ৰ বাবেও পূৰ্বৰ কোনো আসন বিজেপিয়ে হাতৰ পৰা হেৰুৱাব নুখুজি সমষ্টিয়ে সমষ্টিয়ে কেইবাতৰপীয়া জৰীপ চলাই জয়ী হোৱাৰ সম্ভাৱনা থকা প্ৰাৰ্থীৰ সন্ধান চলোৱাৰ দৰে ৰহা সমষ্টিটো ইতিমধ্যে জৰীপ চলাইছে।

বিশেষকৈ বৰ্তমানৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ লগতে বিজেপিৰ যুৱকৰ্মী সঞ্জীৱ হাজৰিকা, মনজ্যোতি বৰা, সূৰ্য দাস, উত্তম দাসকে আদি কৰি প্ৰায় ১৩জনে দলীয় টিকট বিচাৰি কুচকাৱাজ চলাইছে।

দলীয় এক সূত্ৰৰ পৰা জানিব পৰা মতে, সমষ্টিটোত দলীয় টিকট দাবীদাৰৰ ক্ষেত্ৰত বিধায়ক ডিম্বেশ্বৰ দাস আগত আছে যদিও ইয়াৰ পাছতে সঞ্জীৱ হাজৰিকা আৰু মনজ্যোতি বৰায়ো নিজ নিজ পথত অগ্ৰসৰ হৈ দলীয় টিকটৰ বাবে প্ৰচেষ্টা চলাইছে।

তদুপৰি বিজেপিৰ বিধায়ক ডিম্বেশ্বৰ দাসে দলীয় টিকট লাভ কৰাটো একপ্ৰকাৰৰ নিশ্চিত হৈ থকাৰ মাজতে বিগত ২০১৬ চনত  টিকটৰ পৰা বঞ্চিত হোৱা প্ৰত্যাশী সঞ্জীৱ হাজৰিকা আৰু মনজ্যোতি বৰা প্ৰত্যাহ্বান হৈ পৰিছে বিধায়ক ডিম্বেশ্বৰ দাসৰ।

 আনহাতে খবৰ অনুসৰি মুখ্যমন্ত্ৰীৰ গুডবুকত নাম সন্নিৱিষ্ট থকা ডিম্বেশ্বৰ দাসে পুনৰ টিকট লাভ কৰিব বুলি আশাবাদী। যিয়ে নহওক বিজেপিৰ দলীয় টিকট কোনে লাভ কৰিব আৰু মাত্ৰ কেইটামান দিনৰ পাছতেই নিশ্চিত হ’ব।

You might also like