নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩৷ হাতলৈ টকা–পইচা আহিব৷ পুৰণা কেছ–মোকর্দমাত জয় হ’ব৷ আনৰ পৰা পোৱা সহায়ে উৎসাহিত কৰিব৷ আজিৰ দিনটোত কৰা ভাল চিন্তাই আপোনাৰ জীৱন সলনি কৰিব পাৰে৷
বৃষ: শুভ ৰং বগা, শুভ সংখ্যা ৭৷ বন্ধুৰ লগত মনোমালিন্য হোৱাৰ ভয় আছে৷ পুৰণা ৰোগত ভোগাসকলে কষ্ট পাব পাৰে৷ সন্তানে কৰা ভাল কামৰ বাবে আনন্দ পাব৷ ব্যৱসায়ত সুফল পাবলৈ কষ্ট কৰিব লাগিব৷
মিথুন: শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪৷ আজি আপোনাৰ বাবে আনন্দপূর্ণ দিন৷ ঘৰলৈ মূল্যৱান সম্পত্তি আহিব পাৰে৷ সন্তানে কৰা ভাল কামৰ বাবে সন্মান লাভ কৰিব৷ হাতলৈ টকা–পইচা আহিব৷ সময়ৰ কাম সময়ত নকৰা বাবে আর্থিক ক্ষতি হ’ব পাৰে৷
কর্কট: শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯৷ অনাৱশ্যক খঙৰ বাবে আর্থিক ক্ষতি হোৱাৰ ভয়৷ সহায় কৰি প্রতিদান নল’ব৷ কর্মত বাধা দেখা যায়৷ ব্যৱসায়ত শুভ৷ প্রতিকাৰ– বেলগছৰ গুৰিত চাকি জ্বলাব৷
সিংহ: শুভ ৰং বগা, শুভ সংখ্যা ৫৷ পৰিয়ালৰ ব্যক্তিৰ লগত মনোমালিন্য হোৱাৰ ভয়৷ চাকৰিৰ স্থান পৰিৱর্তন হ’ব পাৰে৷ ব্যৱসায়ত মধ্যম ফল পাব৷ হাত–ভৰিত আঘাত পাব পাৰে৷ আনৰ পৰা আর্থিক সহায় পাব৷
কন্যা: শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷ চাকৰিয়ালৰ পদোন্নতি হোৱাৰ আশা আছে৷ নতুন ব্যৱসায়ৰ সন্ধান পাব পাৰে৷ সন্তানৰ অপকর্মৰ বাবে সন্মান হানি হোৱাৰ ভয়৷
তুলা: শুভ ৰং নীলা, শুভ সংখ্যা ৩৷ আজি আপোনাৰ হাতেৰে শুভ কামৰ আৰম্ভ হ’ব পাৰে৷ শৰীৰ অসুস্থ হোৱাৰ ভয়৷ সন্তানৰ ভাল কামে আনন্দ দিব৷
বৃশ্চিক: শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৮৷ প্রাকৃতিক দুর্যোগত ক্ষতি হোৱাৰ আশংকা আছে৷ হাতৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে৷ সম্বন্ধীয় ব্যক্তিৰ দুখৰ খবৰ শুনিব পাৰে৷
ধনু: শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৫৷ ঘৰলৈ মূল্যৱান সম্পত্তি আহিব৷ যিকোনো কামৰ সুফল লাভ কৰিব৷ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ সন্তানৰ ভাল কামে মনত আনন্দ দিব৷
মকৰ: শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯৷ ব্যৱসায়ত লাভ কৰিব পাৰিব৷ চাকৰিৰ বাবে চেষ্টা কৰাসকলে ভাল খবৰ পাব৷ শিক্ষার্থীৰ বাধা আহিব পাৰে৷
কুম্ভ: শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২৷ আর্থিক সমস্যাৰ বাবে ক্ষতি হোৱাৰ ভয়৷ ব্যৱসায়ীসকলে টকা–পইচাৰ লেনদেন নিজৰ হাতেৰে কৰিব৷ বন্ধুৰ লগত মনোমালিন্য হোৱাৰ ভয়৷ চাকৰিৰ স্থানৰ পৰিৱর্তন হ’ব পাৰে৷
মীন: শুভ ৰং বগা, শুভ সংখ্যা ৮৷ বিদ্যার্থীসকলৰ বাবে শুভ দিন৷ নিজৰ ভুলৰ বাবে টকা–পইচাৰ হানি হ’ব পাৰে৷ চাকৰিপ্রত্যাশীসকল ভাল খবৰ আহিব পাৰে৷ সন্তানৰ শুভ৷

You might also like