নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৬ ঘন্টাৰ পিছত নৈৰ বুকুত উদ্ধাৰ সন্ধানহীন নৃপেন চুতীয়াৰ মৃতদেহ

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰ : অৱশেষত ৩৬ ঘন্টাৰ পিছত দুৰ্ঘটনাত আহত হৈ নৈৰ বুকুত সন্ধানহীন হোৱা ঢকুৱাখনা ভাটি জালভাৰীৰ যুৱক নৃপেন চুতীয়াৰ মৃতদেহ সোমবাৰে পুৱা ৬ বজাত স্থানীয় লোকৰ সহযোগত SDRF ৰ উদ্ধাৰকাৰী দলে চাৰিকড়ীয়াৰ বুকুৰ পৰা উদ্ধাৰ কৰে।

শনিবাৰে সন্ধিয়া ঢকুৱাখনা-সোণাৰি চাপৰি সংযোগী গড়কাপ্টানি পথৰ চাৰিকড়ীয়া নৈৰ ওপৰত থকা দলঙত সোণাৰি চাপৰি দিশৰ পৰা অহা AS 22-5777 নম্বৰৰ মাৰুতি 800 এখনে ভাটি জালভাৰীৰ নৃপেন চুতীয়া নামৰ ২২বছৰীয়া যুৱকজনক খুন্দিৱাৰ ফলত যুৱকজন নৈত উফৰি পৰি সন্ধানহীন হৈ আছিল। দেওবাৰে SDRF ৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলায় যদিও কোনো সম্ভেদ পোৱা নাছিল সন্ধানহীন যুৱকজনৰ।

আজি পুৱা ৫-১৫ বজাত দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় ৩ কিলোমিটাৰ নিলগৰ মৌখোৱা ঘাটত চাৰিকড়ীয়া নৈৰ বুকুত ভাঁহি থকা মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় মাছমৰীয়াই দিয়া খবৰৰ ভিত্তিত SDRF ৰ উদ্ধাৰকাৰীয়ে পানীত ভাঁহি থকা  যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰে । ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

You might also like