নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঘোণৰ পথাৰত এতিয়া সপোন বুটলাৰ সময়; ব্যস্ততাৰ ওৰ নাই কৃষক-দাৱনীৰ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰ: “‘আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি…./আঘোণৰ পথাৰত দাৱনীৰ কাম আছে/মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি কাম আছে/আঘোণৰ পথাৰত কাম আৰু কাম৷” চৌদিশে মাথোঁ পকা ধানৰ আমোলমোল গোন্ধ ৷ আঘোণী মলয়া বা লাগি লহপহকৈ বাঢ়িছে কৃষকৰ সপোনৰ খেতিডৰা ৷ শাওন মাহৰ হাড়ভগা শ্ৰম,বোকাপানী,ৰ’দৰ উত্তাপকো নেওচি মনৰ আনন্দৰে ৰুই থৈ অহা ধাননি পথাৰখনৰ সেউজীয়াবোৰ এতিয়া সোণালী হ’ল।ব্যস্ততাৰ অন্ত নাই গ্ৰামাঞ্চলৰ কৃষকৰ। এই আঘোনৰ মাজত লুকাই আছে চহা অসমীয়াৰ শাশ্বত সপোন।আঘোনৰ আছে গাম্ভীৰ্য্য, তাৎপৰ্য্য আৰু এক বিশেষত্ব। সেয়া বুজি পায় কেৱল এজন অসমীয়া খেতিয়কেহে। ইয়াৰ মাজতে আছে এক সুকীয়া মাদকতাও।বছৰটোৰ বাৰটা মাহৰ ভিতৰত অন্যতম আঘোণৰ মাদকতা অনেক৷ কৃষকৰ সপোন, প্রকৃতিৰ বিনন্দীয়া সৌন্দৰ্য আৰু হেমন্তৰ হিমে ধুই নিকা নিকা কৰা মাহটোৱেই হ’ল আঘোণ মাহ। আঘোণ মাহতেই মানুহৰ মনবোৰ পুলকিত হয়৷ লখিমী আহি সোণালী পথাৰৰ বুকুৱে বুকুৱে সিচি থৈ যায় সোণগুটি। আঘোণক লৈ কবিয়ে লিখে কবিত৷ কৃষকৰ আশা আৰু হেঁপাহৰ আঘোণত সোণগুটিৰে উপচি পৰে আঘোণৰ বিশাল পথাৰ৷ সঁচাকৈয়ে আঘোণৰ পথাৰত দাৱনীৰ বহু কাম আছে।

আঘোণৰ পথাৰত এতিয়া কাম আৰু কাম৷পকা ধানৰ মাজে মাজে সৰু সৰু আলিত শুই পৰিছে জহা,বৰা, তৰাবলি, নলচিতিকি ধানে।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে কৃষি সৰ্বচ্চ ঢকুৱাখনা মহকুমাৰ পথাৰে পথাৰে দেখা গৈছে চহা কৃষকৰ ব্যস্ততা।পকা ধানৰ আমূলমূল গোন্ধই মতলীয়া কৰি তুলিছে ঢকুৱাখনাৰ কৃষকৰ মন-প্ৰাণ।গাঁৱে -ভূঞে দাৱনী-কৃষকসল ব্যস্ত সোণালী বসন পিন্ধা পথাৰৰ লখিমীক ঘৰলৈ আদৰাৰ বাবে। সোণোৱালী পথাৰত এতিয়া কেৱল ধান কটাৰ কেচ্ কেচ্ শব্দ ৷ হেঁপাহৰ পথাৰ খনৰ আমোলমোল গোন্ধত যেন ভাগৰ হেৰাইছে প্ৰতিজন কৃষকৰ।জাক-জাক   দাৱনীয়ে হাতত কাঁচি লৈ নামি পৰিছে সোণোৱালী ধান চপোৱাত ।পুৱাতে আহি ৰিব ৰিব মলয়াত হালি জালি থকা ধানৰ মুঠিত ধৰি কাঁচি চলাইছে। পুৱাৰ পৰা গধূলিলৈকে প্ৰায় মাহযোৰা কঠোৰ পৰিশ্ৰম। পিছে এই হাড়ভগা শ্রমৰ পাছতো ক্লান্ত – ভাগৰুৱা নহয় দাৱনী- কৃষকসকল। কপালত ঘাম আৰু হাতত পকা ধানৰ পাতৰ আঁচোৰ ,অথচ বুকুত অপাৰ আনন্দ।হাঁহি – খিকিন্দালীৰ মাজেৰেই হাতৰ মুঠিত আলফুলে বান্ধিছে বছৰযোৰা সপোনবোৰ।হাতত কাঁচি মুখত বিহু নামেৰে জাক জাক দাৱনিয়ে পথাৰত আনন্দত নাচি বাগি চপাইছে সোণগুটি, জুতি লৈছে ৰবাব টেঙাৰ।আনহাতে কৃষকসকলৰো আহৰি নাই।দাৱনীৰ সমানে সোণগুটিৰ ডাঙৰী বান্ধি ঘৰলৈ অনাত ব্যস্ত কৃষকসকল ।আঘোণৰ পথাৰেই যে চহা জীৱনৰ ভৱিষ্যতৰ সপোন, জীয়াই থকাৰ সম্বল। সেয়ে এতিয়া এনেদৰে হাঁহি আনন্দেৰে সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে প্ৰতিটো খেতিয়ক পৰিয়াল।

 

পুলকজ্যোতি বৰা,ঢকুৱাখনা

You might also like