নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত চোৰাং তেলৰ ব্যৱসায় লগত জড়িত দুই ব্যৱসায়ী সহ জব্দ তেল

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰ: বিজনী পানবাৰীত আৰক্ষীৰ অভিযান। অভিযানত চোৰাং তেলৰ ব্যৱসায় লগত  জড়িত দুই চোৰাং তেল ব্যৱসায়ী সহ জব্দ তেল। পানবাৰী থানাৰ অন্তৰ্গত ঝাৰবিষপানীৰ পৰা জব্দ ৪৬০ লিটাৰ চোৰাং পেট্ৰল। দীৰ্ঘদিনৰে পৰা ভূটানসীমান্তৰ ঝাৰবিষপানীত  চোৰাং তেলৰ ব্যৱসায় চলি থকাৰ তথ্যৰ ভিত্তিত পানবাৰী আৰক্ষীয়ে অভিযান চলাই চোৰাং তেল ব্যৱসায়ী সঞ্জয় দাস আৰু লালচান্দ মিঞাক গ্ৰেপ্তাৰ কৰাৰ লগতে চোৰাং তেল সহ AS 18D 5098 নম্বৰৰ এখন হোণ্ডাই ইয়ন  গাড়ী জব্দ কৰিবলৈ সক্ষম হয়।ধৃত সঞ্জয় দাসৰ ঘৰ বিজনীৰ মাটিয়াপাৰত আৰু লাল চান্দ মিঞাৰ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ মোনাকোচাত।পাণবাৰীৰ আৰক্ষীয়ে সৰবৰাহকাৰী দুটাৰ বিৰুদ্ধে 73/22 নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে।

You might also like