ধুবুৰীত নিৰ্বাচনৰ পূৰ্বৰ মাৰণাস্ত্ৰ জমা দিয়া সন্দৰ্ভীয় নিৰ্দেশ বাতিল
জিলা দণ্ডাধীশৰ নতুন নিৰ্দেশ – চমজি ল'ব পাৰিব অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ
নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৰ ভিত্তিত ধুবুৰী জিলা দণ্ডাধীশে জিলাখনৰ মাৰনাস্ত্ৰৰ অনুজ্ঞাপত্ৰ থকা লোকসকলক তেওঁলোকৰ মাৰণাস্ত্ৰসমূহ অনুজ্ঞাপত্ৰসহ নিজ নিজ এলেকাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত জমা দিবলৈ দিয়া নিৰ্দেশ বাতিল কৰা হৈছে৷ ধুবুৰী জিলা দণ্ডাধীশে আজি এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰে৷ এই নিৰ্দেশ অনুসৰি নিৰ্বাচনৰ সময়ত জমা দিয়া মাৰণাস্ত্ৰ আৰু অনজ্ঞাপত্ৰবোৰ সংশ্লিষ্ট লোকসকলে নিজ নিজ এলেকাৰ থানাৰ পৰা সংগ্ৰহ কৰিব পাৰিব৷ ধুবুৰীৰ জিলা তথ্য আৰু জনসংযোগ বিভাগে আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জানিবলৈ দিছে।