নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা অভিযান আৰু সম্বধৰ্ণা অনুষ্ঠান

ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীক সহায় কৰিবলৈ ৰাইজক আহ্বান আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ   নগাঁৱৰ বেচৰকাৰী সংস্থা গ্ৰাম বিকাশ পৰিষদৰ উদ্যোগত আৰু নিচামুক্ত অভিযান সহায়ক কেন্দ্ৰৰ সহযোগত নিচামুক্ত অভিযান নগাঁও জিলাত আৰম্ভ হৈছে।ভাৰত চৰকাৰে আৰম্ভ কৰা নিচামুক্ত অভিযানৰ অংশস্বৰূপেই এই কাৰ্য্যসূচী চলি আছে ৷গ্ৰাম বিকাশ পৰিষদৰ নিচামুক্ত কেন্দ্ৰত নিচাযুক্ত দ্ৰৱ্য আৰু ব্যাধি চিনাক্তকৰণ কৰা,পৰামৰ্শ প্ৰদান,চিকিৎসা আৰু পুনৰ সংস্থাপন,আশ্ৰয়দান,সজাগতা প্ৰদান আদি কাৰ্যসূচী হাতত লৈছে।এই কেন্দ্ৰটোৰ তত্বাৱধানৰ দায়িত্বত থকা ছিৰাজ উদ্দিন আহমেদে আজি অনুষ্ঠিত নিচামুক্ত অভিযানৰ অনুষ্ঠানত আদৰনি ভাষন প্ৰদান কৰি কয় যে- তেওঁলোকৰ কেন্দ্ৰত ২৩৪ জন নিচা সেৱনকাৰীৰ চিকিৎসা চলি আছে।ইয়াৰে ১৩৮ জন আৰক্ষীৰ দ্বাৰা লাভ কৰিছে আৰু ৫৬ জন নিচাযুক্ত দ্ৰৱ্য সেৱনকাৰীক অভিভাৱকে আনি দিছে।এই সকলৰ ভিতৰত ১৭৩ জন সুস্থহৈ পৰিছে।তেওঁলোকৰ ভিতৰত বহু কেইজনে বিভিন্ন স্থানত কৰ্ম সংস্থাপন লাভ কৰিছে।

গ্ৰামবিকাশ পৰিষদৰ বিষয়ববীয়া জনে ড্ৰাগছ মুক্ত অসম গঢ়াৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰশংসা কৰে।তেওঁ নগাঁও জিলাৰ আৰক্ষী অধীক্ষককো প্ৰশংসা কৰি নগাঁও জিলাক নিচাযুক্ত কৰাৰ ক্ষেত্ৰত গ্ৰাম বিকাশ পৰিষদে সৰ্বতো প্ৰকাৰে সহায় আগবঢ়াব বুলি মন্তব্য কৰে ৷ ইপিনে অনুষ্ঠানত অংশগ্ৰহণ কৰা নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কয় যে-ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যাপক অভিযান চলাই আছে।কিন্তু নিচাযুক্ত দ্ৰৱ্য সৰবৰাহ অথবা সেৱন কৰা ব্যৱস্থাটো ৰক্তবীজৰ দৰে।যিমানেই আমি এনেধৰণৰ দুস্কাৰ্যৰ লগত জড়িত ব্যক্তিক গ্ৰেপ্তাৰ কৰিছো সিমানেই নতুন নতুন সৰবৰাহকাৰীৰ সৃষ্টি হয়।নগাঁও জিলাৰ বটদ্ৰৱা,ধিং,কচুৱা,ৰূপহী,চামগুৰি আদি অঞ্চলৰ ভিতৰুৱা স্থানত নিচাযুক্ত দ্ৰৱ্য সেৱনকাৰী বা সৰবৰাহকাৰীৰ সংখ্যা অধিক।আৰক্ষী অধীক্ষকজনে কয় যে-অভিভাৱকে সন্তানৰ তদাৰক কৰা উচিত।কোন বন্ধুৰ লগত ঘূৰিছে,পিতৃ-মাতৃৰ পৰা লাভ কৰা ধন ক’ত খৰচ কৰিছে এইবোৰ দিশ তদাৰক কৰা উচিত।আৰক্ষী অধীক্ষকজনে ড্ৰাগছ বিৰোধী যুদ্ধত আৰক্ষীক সহায় কৰিবলৈ
ৰাইজক আহ্বান জনায় ৷
আজি অনুষ্ঠিত এই অনুষ্ঠানত প্ৰাক্তন সমাজ কল্যান বিষয়া প্ৰমিলা কন্দলি, অধিবক্তা চেহনাছ চুলতানা ,চাহিনা খানম,অবসৰপ্ৰাপ্ত আয়কৰ বিষয়া আব্দুল মজিদ ফাৰুকী,জিলা প্ৰাথমিক শিক্ষা বিষয়া লবজা জাৰামোচা আদিয়ে ভাষন প্ৰদান কৰে ৷ অনুষ্ঠানতে নিচাযুক্ত অভিযানলৈ বিশেষভাবে সেৱা আগবঢ়োৱা নগাঁও সদৰ থানাৰ আৰক্ষী বিষয়া মৃদুল বৰা,হয়বৰগাঁও ,ইটাচালী,মৰিকলং,আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ক্ৰমে তৰংগ পাটোৱাৰী,সঞ্জীৱ কুমাৰ সিংহ,ত্ৰিলোচন নাথ,মানসিক আৰু স্নায়ুৰোগ বিশেষজ্ঞ ডা° জিয়াউদ্দিন আহমেদ,বিশ্বনাথ ,শোনিতপুৰ ,মৰিগাঁও আৰু হোজাই জিলাৰ নিচামুক্তি কেন্দ্ৰৰ বিষয় ববীয়া সকলক সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত নিচামুক্তি কেন্দ্ৰৰ জৰিয়তে আৰোগ্য হোৱা নিচামুক্ত লোক সকল , তেওঁলোকৰ পৰিয়াল স্থানীয় সমাজ সেৱক -সেৱীকা আৰু স্বেচ্ছাসেৱী অনুষ্ঠানে অংশগ্ৰহণ কৰে ৷
উল্লেখ যে সাম্প্ৰতিক সময়ত নিচাসক্ত লোকে বিভিন্ন ধৰনৰ ড্ৰাগছ সেবন কৰি সমগ্ৰ দেশৰ লগতে অসমতো অস্থিৰতাৰ পবিবেশ সৃষ্টি কৰি আহিছে ৷যাৰ বাবে তেওঁ- লোকৰ জীৱন বিপন্ন হোৱাৰ লগতে নতুন প্ৰজন্ম অবাটে বাট বুলিব লগা হৈছে ৷ এনে ভয়াবহতাৰপৰা দেশক মুক্ত কৰিবৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহন কৰিছে ৷ এনে পদক্ষেপৰ ভিতৰত অন্যতম হল “নিচামুক্ত ভাৰত অভিযান” ৷ চৰকাৰৰ এই কাৰ্য্যসূচী অনুসৰন কৰি নগাঁৱৰস্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম বিকাষ পৰিষদে নিচামুক্ত অভিযান সহায়ক কেন্দ্ৰ”স্থাপন কৰাৰ লগতে ৯৩৯৫২৯২৬৯২, ৭০০২৪২৪৯৪০,৭০০২৪১০৮০০নম্বৰৰ তিনিটা হেল্পলাইন নম্বৰ ৰাইজৰ সুবিদাৰ্থে মুকলি কৰা হৈছে ৷

You might also like