নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ৰাণী ভিক্টোৰিয়াৰ মূৰ্তিটো ৰক্ষণাবেক্ষণৰ কোনো ধৰণৰ পদক্ষেপ নাই প্ৰশাসনৰ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ   ধুবুৰীৰ মাজমজিয়াত আছে প্ৰাক্–স্বাধীনত্তোৰ যুগৰ ইতিহাসৰ সাক্ষী বহন কৰা এটি সৰু ৰাজহুৱা উদ্যান। বৰ্তমানে এৰাবাৰী সদৃশ অৱস্থাত থকা চহৰখনৰ তেতুলতলা অঞ্চলস্থিত সেই উদ্যানখনত আছে দুৰ্ম্যুল্য শ্বেত পাথৰৰ এটি পূৰ্ণ অৱয়ব মূৰ্তি। স্থানীয় ৰাইজৰ মাজত ‘ভিক্টোৰিয়া পাৰ্ক’’ বুলি পৰিচিত উদ্যানখনত আছে শ্বেত মাৰ্বলৰ ৰাণী ভিক্টোৰিয়াৰ ৫ ফুট ৪ ইঞ্চিৰ এটা মূৰ্তি। জানিব পৰা মতে, ১৯০৫ চনতে অনা হৈছিল শ্বেত পাথৰেৰে নিৰ্মিত ৰাণী ভিক্টোৰিয়াৰ দুটা মূৰ্তি। ইয়াৰে এটা মহাৰাষ্ট্ৰ পুনে চহৰত স্থাপন কৰাৰ বিপৰীতে ৰাণী অইনটো মূৰ্তি স্থাপন কৰা হৈছিল আমাৰ ৰাজ্যৰ ধুবুৰীত।

উল্লেখ্য যে, স্বাধীনতাৰ বহু পূৰ্বে তথা বৰ্তমানে ধুবুৰীৰ তেতুলতলা বুলি পৰিচিত অঞ্চলটোত এসময়ত আছিল ব্ৰহ্মপুত্ৰ এটা গুৰুত্বপূৰ্ণ পাৰঘাট। সেই সময়ত যাত্ৰীকে ধৰি মালবাহী সামগ্ৰী পৰিবহনৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰছিল এই নদীঘাটটোৱে। সেই গুৰুত্বপূৰ্ণ ব্ৰহ্মপুত্ৰৰ পাৰঘাটটোত ধুবুৰীকে ধৰি সমগ্ৰ অঞ্চলটোত নিজৰ  আধিপত্যৰ বিষয়টো প্ৰত্যায়িত কৰিবলৈ ব্ৰিটিছে স্থাপন কৰিছিল ৰাণী ভিক্টোৰিয়াৰ সেই মূৰ্তিটো। জানিব পৰা মতে, স্বাধীনতাৰ পিছত ১৯৫০ চনত অহা বৰ ভূইকঁপৰ বাবে তেতুলতলা অঞ্চলত থকা নৈখনৰ অংশৰ তলৰ মাটি উঠি অহাৰ ফলত অঞ্চলটোৰ পৰা কিছু আঁতৰি যায় আৰু তেতিয়াৰ পৰা অঞ্চলটোৰ সমীপৰ যোগমায়া ঘাট বুলি পৰিচিত পাৰঘাটটোৰ কাষেৰে বৈ আছে নৈখন। পিছে কালৰ গতিত প্ৰাক্–স্বাধীনোত্তৰ যুগৰ ধুবুৰীৰ তেতুলতলা অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ সেই পাৰঘাটটোৰ বৰ্তমানে কোনো ধৰণৰ চিন–ছাব নাই যদিও দীৰ্ঘ এক ইতিহাসৰ সাক্ষী বহন কৰি এতিয়াও থিয় হৈ আছে ভিক্টোৰিয়াৰ সেই মূৰ্তিটো। অৱশ্যে সময় বাগৰাৰ লগে লগে তথা উপযুক্ত ৰক্ষণাবেক্ষণৰ অভাৱত মূৰ্তিটোৰ শ্বেত মাৰ্বল পাথৰৰ উজ্জ্বলতা ক্ৰমশঃ নোহোৱা হ’বলৈ লৈছে। পিছে পৰিতাপৰ কথা এয়াই যে, দীৰ্ঘ এক ইতিহাসৰ সাক্ষী সেই ৰাণী ভিক্টোৰিয়াৰ মূৰ্তিটোৰ ৰণাবেক্ষণৰ বাবে কোনো ধৰণৰ লৈ কোনো ধৰণৰ গুৰুত্বতা দিয়া পোৱা যোৱা নাই সংশ্লিষ্ট চৰকাৰী বিভাগসমূহে।  উল্লেখনীয় যে, সম্প্ৰতি চহৰখনৰ তেতুলতলা অঞ্চলত এচআইআৰডি আঁচনীৰ অধীনত প্ৰায় ৪৪ লাখটকীয়া এক সৌন্দৰ্য্যবৰ্ধনৰ কাম ৰূপায়িত হৈ আছে যদিও আচৰিত জনক ভাৱে সেই আঁচনিখনে সাঙুৰা ঠাইখিনিৰ গাতে লাগি থকা এৰাবাৰি সদৃশ অৱস্থাত থকা “ভিক্টোৰিয়া পাৰ্ক’ নামৰসেই উদ্যানখনকে ধৰি তাত থকা ৰাণী ভিক্টোৰিয়াৰ মূৰ্তিটোৰ কৰুণ অৱস্থালৈ চকু পৰা দেখা নগ’ল প্ৰশাসন অথৱা ধুবুৰী পৌৰসভাৰ।

You might also like