নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাট জিলাত “ন’ হেলমেট ন’ পেট্ৰ’ল” নীতি কঠোৰভাৱে মানি চলিবলৈ পেট্ৰ’ল পাম্পসমূহক প্ৰশাসনৰ নিৰ্দেশ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ  গোলাঘাট জিলা প্ৰশাসনে জিলাখনত হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলোৱা লোকসকলক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে পেট্ৰ’ল পাম্পসমূহক “ন’ হেলমেট ন’ পেট্ৰ’ল” নীতি কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিছে । জিলা উপায়ুক্তই জাৰি কৰা এটা নিৰ্দেশযোগে কোৱা হৈছে যে একাংশ পেট্ৰ’ল পাম্পে ২০১৮ চনৰ বিভাগীয় স্থায়ী সমিতিৰ বৈঠকত হোৱা সিদ্ধান্ত মানি নচলাৰ বিষয়টো প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে । সেয়েহে মটৰ চাইকেলৰ হেলমেট পৰিধান নকৰা গ্ৰাহকক পেট্ৰ’ল নিদিবলৈ নিৰ্দেশ দিয়া হৈছে । লগতে “ন’ হেলমেট ন’ পেট্ৰ’ল” বুলি লিখা বেনাৰ পেট্ৰ’ল পাম্পৰ সন্মুখত আঁৰিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে ।

You might also like