নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত খড়গসহ চাৰিজন লোকক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ ধুবুৰীত এটা গঁডৰ খড়গসহ চাৰিজন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ শুকুৰবাৰে বিয়লি ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রই সাংবাদিকৰ সন্মুখত সদৰী কৰা মতে গোপন এক তথ্যৰ ভিত্তিত যোৱানিশা ধুবুৰী আৰক্ষীৰ এটি দলে ধুবুৰী চহৰৰ পার্শ্বৱর্তী ঝগৰাৰপাৰ চতুর্থ খণ্ডৰ ভাঙাৰপাৰৰ নুৰ মহম্মদ শ্বেখ নামৰ লোকজনৰ বাসগৃহত অভিযান চলাই এটা প্রায় দুই কিলোগ্রাম ওজনৰ গঁডৰ খড়গ জব্দ কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষীয়ে শ্বেখৰ উপৰি ফকিৰগঞ্জ থানাৰ অন্তর্গত চলাকুৰাৰ জিয়াউল হক, আজহাৰুল ইছলাম আৰু গৌৰীপুৰ থানাৰ অন্তর্গত শিলেৰ কাছাৰীৰ বাসিন্দা ৰাজু সৰকাৰক গ্রেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷ আজি আটাইকে ধুবুৰী আদালতত হাজিৰ কৰা হয়৷ আদালতে ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে৷ উল্লেখ্য যে নুৰ মহম্মদ শ্বেখ চৰকাৰী চাকৰিয়াল৷ ইফালে তদন্তৰ খাতিৰত আৰক্ষীয়ে বর্তমানে সবিশেষ নজনালেও ধুবুৰী সদৰ থানাত ১১১/২০২ৰ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷

You might also like