নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰত নিশা শোকাৱহ পথ দুৰ্ঘটনাঃ দ খাৱৈত বাহন পৰি নিহত ২ জন বেংক কৰ্মচাৰী

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ  গহপুৰৰ বালিজানত নিশা শোকাৱহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৩০ ফুট দ খাৱৈত পৰিল হুণ্ডাই ইয়ন। এই দুৰ্ঘটনাত নিহত হয় দুজনকৈ লোক। নিহত হোৱা লোকদুজন এছবিআই বালিজান শাখাৰ বেংক কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বাহনখনত আছিল এছবিআই বালিজান শাখাৰ ৪ জনকৈ কৰ্মচাৰী। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ততাতৈয়াকৈ স্থানীয় লোকে ২ জন কৰ্মচাৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বাকী দুজন বাহনৰ ভিতৰতে আবদ্ধ হৈ পৰে।

এই শোকাৱহ দুৰ্ঘটনাটোত এছবিআই বালিজান শাখাৰ কেচ অফিছাৰ বিহাৰৰ বিশাল ৰাজ, বেংকৰ অস্থায়ী কৰ্মচাৰী ৰামেশ্বৰ উৰাঙৰ মৃত্যু হয়। এছডিআইএফে পুৱতী নিশা অভিযান চলাই পানীৰ তলৰ পৰা লোক দুজনৰ মৃতদেহ উদ্ধাৰ কৰে।

You might also like