নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডবকাত শূন্যলৈ ৭ জাঁই গুলীচালনাৰে উদণ্ডক নিয়ন্ত্রণ আৰক্ষীৰ

বাহন আবদ্ধ কৰাক লৈ উত্তপ্ত পৰিস্থিতি ঃ শিল নিক্ষেপত আহত থানাৰ ভাৰপ্রাপ্ত বিষয়া

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ হোজাই জিলাৰ ডবকাত বৃহস্পতিবাৰে সন্ধিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ সমাগত গণৰাজ্য দিৱস উপলক্ষে ডবকাৰ ডবকা–যমুনামুখ সংযোগী পথত ডবকা আৰক্ষীয়ে গাড়ীত তালাচী চলায়৷ আৰক্ষীয়ে তালাচী চলাই থকাৰ সময়ত এখন গাডীৰ নথিপত্রবোৰ নোপোৱাত গাড়ীখন ৰখাই থয়৷ সেই সময়ত স্থানীয় একাংশ যুৱকে আৰক্ষীৰ বাহন আবদ্ধ কৰি প্রথমে তর্কাতর্কি পিছত হতাহতিত লিপ্ত হয়৷ তাৰ মাজতে এচাম লোকে আৰক্ষীৰ বাহনলৈ শিলগুটি নিক্ষেপ কৰে৷ ঘটনাত আহত হয় ডবকা থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ৰিতুপর্ণ গগৈসহ এজন আৰক্ষী জোৱান৷ পিছত পৰিস্থিতি জটিল হোৱাত আৰক্ষীয়ে শূন্যলৈ সাত জাঁই গুলী নিক্ষেপ কৰি প্রাণ ৰক্ষা কৰে৷ ঘটনা সংক্রান্তত আব্দুল্লাহ আহমেদ নামৰ এজন যুৱকক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷

You might also like