নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণতন্ত্ৰ দিৱসত মুকলি হ’ব দেশীয় গেম FAU-G

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ গণতন্ত্ৰ দিৱসৰ দিনাই ভাৰতীয় গেমাৰসকলৰ হাতলৈ আহিব ফৌজি (FAU-G) মেইড ইন ইণ্ডিয়া গেম। ফিয়াৰলেছ এন্ড ইউনাইটেড গার্ডছ (FAU-G) গেমটো তৈয়াৰ কৰিছে nCORE ভিডিঅ’ই। যাক প্রথমৰ পৰাই পাবজিৰ বিকল্প হিচাপে ভবা হৈছে।

FAU:G (Fearless And United: Guards). এই গেমৰ প্র’মো আজিৰ পৰা প্রায় চাৰি মাহ পূৰ্বেই মুকলি হৈছিল। অভিনেতা অক্ষয় কুমাৰে এই গেম লঞ্চ-ৰ সুখবৰ দিছিল। বিগত বছৰ নৱেম্বৰৰ শেষ সপ্তাহত গুগল প্লে-ষ্টোৰত ফৌজিৰ প্রি-ৰেজিস্ট্রেছন আৰম্ভ হৈছিল। ২৪ ঘণ্টাৰ ভিতৰতে বহু লাখ গেমপ্রেমীয়ে ফৌজিৰ প্রি-ৰেজিস্ট্রেছন কৰা দেখা গৈছিল।

বেংগালুৰুৰ nCORE Games ডেভেলপাৰ্ছ ফৌজি মুকলিৰ তাৰিখ জনাইছে। ২৬ জানুৱাৰীৰ পৰা এই গেম প্লে-ষ্টোৰৰ পৰা ডাউনলোড কৰিব পাৰিব এন্ড্রয়েড ইউজাৰসকলে।

You might also like