নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনৱ প্ৰচেষ্টা, বাঁহ, কাঠ আৰু প্লাষ্টিকৰে দমকল নিৰ্মাণ

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ ব্যতিক্ৰম প্ৰচেষ্টাৰে নিৰ্মাণ কৰি উলিয়াইছে এটা দমকল। অতি কম খৰচতে ঘৰুৱাভাবে নিৰ্মাণ কৰি উলিয়াইছে ধেমাজি জিলাৰ জোনাই মহকুমাৰ জোনাই বজাৰ পঞ্চায়তৰ ৩ নং মুৰ্কংচেলেক হাতীজান বালাবাৰী গাঁৱৰ বলৰাম বসুমতাৰীয়ে৷ বাঁহ, কাঠ আৰু প্লাষ্টিকৰ সহায়ত নিৰ্মাণ কৰি উলিয়াইছে এটা সাধাৰণ দমকল৷ আমি সকলোৱে ঘৰত ব্যৱহাৰ কৰা দমকল দেখিছোঁ ৷ আমাৰ ব্যৱহাৰ কৰা দমকল বোৰ লোহাৰে নিৰ্মিত৷ কিন্তু জোনাইৰ বলৰাম বসুমতাৰীয়ে দমকল নিৰ্মাণ কৰি উলিয়াইছে সম্পূৰ্ণ ঘৰুৱা সামগ্ৰীৰে৷

জোনাইৰ যুৱক গৰাকীয়ে উক্ত সামগ্ৰী সমূহ ব্যৱহাৰ কৰি অতি কম মূল্যত নিৰ্মান কৰি উলিয়াইছে ঘৰুৱা দমকল৷ কোনো ধৰনৰ কাৰিকৰী জ্ঞান নথকাকৈ যুৱক জনে বাঁহ, কাঠ আৰু প্লাষ্টিকৰ পাইপেৰে নিজে তৈয়াৰ কৰি কৰিছে দমকল৷ জোনাইৰ ৩ নং মুৰ্কংচেলেকৰ বালাবাৰী গাঁৱৰ নিৱাসী বলৰাম বসুমতাৰী নামৰ যুৱকজনে নিজৰ চিন্তাৰে নিৰ্মাণ কৰি উলিয়াইছে দমকলটো৷ অতি সহজে আৰু কম খৰচতে নিৰ্মান কৰা এই দমকলটো আমাৰ ব্যৱহাৰ কৰা দমকলতকৈ বহু পৰিমাণে উপযোগী৷ যোৱা দুৱছৰ ধৰি এই দমকলটো ব্যৱহাৰ কৰি আহিছে বুলি জনাইছে যুৱকজনে৷ চৰকাৰী কোনো ধৰণৰ কোনো ধৰণৰ আচঁনিয়ে ঢুকি নোপোৱা ৩ নং মূৰ্কংচেলেকৰ হাতীজান বালাবাৰী গাঁৱখনত যুৱকজনে খোৱাপানীৰ অসুবিধা অনূভৱ কৰি এক ব্যতিক্ৰমী চিন্তাৰে নিজৰ ঘৰৰ বাবে তৈয়াৰ কৰিছে দমকলটো৷ যুকজনৰ এনে ব্যতিক্ৰমী চিন্তাৰে নিৰ্মাণ কৰি উলিওৱা দমকলটো আমাৰ গাঁৱলীয়া সমাজৰ বাবে বহু উপযোগী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ যুৱকজনে তেজপুৰৰ ৰঙাপাৰাতো নিজৰ পৰিয়ালৰ ঘৰত এই ব্যতিক্ৰমী দমকল টো বনাই দিছে বুলি জানিব দিছে৷

You might also like