নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামাজিক কল্যাণৰ দিশত প্ৰাক্তন কটনিয়ানৰ ভিন্ন কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ সামাজিক কল্যাণৰ ক্ষেত্ৰত ১৯৭৫-৭৭ প্ৰাক-বিশ্ববিদ্যালয় বৰ্ষৰ প্ৰাক্তন কটনিয়ানসকলৰ দ্বাৰা গঠন কৰা হৈছিল এক সংগঠন ‘আস্থা’ ( AASTHA- Alumni Association for Social Transformation and Harmony)। আস্থাই জন্মলগ্নৰে পৰা বিভিন্ন সামাজিক কাম-কাজৰে জড়িত হৈ আছে। এইবাৰো সংগঠনটোৱে ক’ভিদ-১৯ বিশ্বমাৰীৰ প্ৰাদুৰ্ভাব হ্ৰাস তথা এই বিশ্বমাৰীৰ অধিক সম্প্ৰসাৰণ প্ৰতিৰোধ কৰাৰ উপায় হিচাবে মাস্ক পিন্ধা আৰু লগতে সঠিকভাৱে পিন্ধাৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা আনিবৰ উদ্দেশ্যে গুৱাহাটীৰ বিভিন্ন অঞ্চলত এক পোষ্টাৰ কেম্পেইন চলাই আছে।
এই পোষ্টাৰবোৰত সামাজিক দূৰত্ব বজাই ৰখা, চাবোন আৰু পানীৰে ঘনাই হাত ধোৱা, চাবোন আৰু পানী নাথাকিলে এলকহল মিশ্ৰিত চেনিটাইজাৰেৰে হাত ধোৱাত জোৰ দিয়া হৈছে।ইয়াৰ উপৰি বিশ্বমাৰীৰ ফলত শিক্ষা প্ৰতিষ্ঠানসমূহ মাৰ্চ মাহৰ শেষৰ পষেকটোৰ পৰাই বন্ধ হৈ থকাত ছাত্ৰ-ছাত্ৰী সকলৰ উপকাৰৰ নিমিত্তে যোৱা আগষ্ট মাহৰ পৰা দ্বাদশ শ্ৰেণীৰ বাবে পদাৰ্থবিদ্যাৰ ভিডিও বক্তৃতা ধাৰাবাহিকভাৱে ইউটিউবত আপলোড কৰি থকা হৈছে। প্ৰথম বক্তৃতাটোৰ লিংক হৈছে https://youtu.be/v_VvDVjLQ8g; পৰৱৰ্তী বক্তৃতাবোৰ একেটা চেনেলতে অথবা কটন বিশ্ববিদ্যালয়ৰ ৱেবচাইট (http://cottonuniversity.ac.in) ত E-resources for HS 2nd year for Physics ৰ অধীনত উপলব্ধ ৷ অসমৰ কৃষিখণ্ডৰ উন্নয়নৰ বাবেও সংগঠনটোৱে কিছু কাৰ্যসূচী হাতত লৈছে। ৰঙিয়াৰ নিকটৱৰ্তী বিছেন্নালা গাঁৱৰ স্থানীয় মহাবিষ্ণু আলোক সন্ধান চোচাইটি নামৰ এক স্বেচ্ছাসেৱী সংগঠনৰ আহ্বান মৰ্মে সংগঠনটোৱে ৩৫ বিঘা মাটি সামূহিক কৃষিৰ বাবে চিনাক্ত কৰাৰ লগতে মৎস্য পালনৰ বাবে কেইবাটাও জলাশয় চিনাক্ত কৰে। সেই অনুসাৰে, ১০ বিঘা মাটিত উদ্যানশস্যৰ উৎপাদনৰ আৰম্ভ কৰা হয়, যিখিনি লক-ডাউনৰ আগে আগে চপোৱা হয়।লক-ডাউনৰ সময়চোৱাত ৪ বিঘা মাটিত মজলীয়া আকাৰৰ এটা মীনপালনৰ জলাশয় খান্দি উলিওৱা হয়। সম্প্ৰতি বাকীখিনি মাটিত উদ্যান শস্যৰ খেতি কৰি থকা হৈছে। খৰচৰ বাবে প্ৰয়োজনীয় অৰ্থ ‘আস্থা’ৰ সদস্য আৰু গাঁওবাসীৰ পৰা সংগ্ৰহ কৰা হৈছে। বিছেন্নালাৰে মহিলাসকলৰ বাবে ২০২০ ৰ ফেব্ৰুৱাৰী মাহত পানীমেটেকাৰ পৰা হস্তশিল্প তৈয়াৰ কৰাৰ এক কৌশল বিকাশৰ প্ৰশিক্ষণৰ বাবে ‘আস্থা’ই অনুদান আগবঢ়ায় ৷ ‘আস্থা’ৰ এজন সক্ৰিয় সদস্যই প্ৰতিষ্ঠা কৰা ‘চাৰ্জ আই ফাউণ্ডেশ্যন’ নামৰ এক বেচৰকাৰী নট-ফৰ-প্ৰফিট কম্পেনীৰ তিনিগৰাকী প্ৰশিক্ষিকাই স্থানীয় ৩৫ গৰাকী মহিলাক প্ৰশিক্ষণ দিয়ে। ৰঙিয়াৰ উপৰি নগাঁৱৰ পাথৰি গ্ৰাম্যগোঁট (cluster) ৰ মহিলাসকলকো প্ৰশিক্ষণ দি জীৱিকা প্ৰদান কৰা কামত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে৷ ‘চাৰ্জ আই’ৰ সহযোগত ১৫০ জন স্থানীয় লোকক ‘আস্থা’ৰ চিকিৎসক সদস্যই স্বাস্থ্যসেৱাও প্ৰদান কৰে।লক ডাউনৰ সময়চোৱাত ‘চাৰ্জ আই’য়ে খেতিয়কৰ অভাৱত অঞ্চলটোত ছন পৰি থকা খেতিৰ উপযোগী মাটিৰ মালিকসকলৰ লগত কথা পাতি লীজত লৈ মাটিবোৰ খেতিৰ বাবে মুকলি (unlock) কৰাৰ এক অভিনৱ কাৰ্যসূচী গ্ৰহণ কৰে। ১৭ জন স্থানীয় যুৱকক সংগঠিত কৰি আৰু কৃষিক নিয়োজনৰ মাধ্যম হিচাবে লবলৈ প্ৰেৰণা যোগাই ‘চাৰ্জ আই’য়ে লীজত লোৱা প্ৰায় ৩০ বিঘা মাটিত ইতিমধ্যে খেতিৰ কাম আৰম্ভ কৰিছে। ‘আস্থা’ই ইয়াৰ আগ্ৰহী সদস্যসকলৰ পৰা অৰ্থসংগ্ৰহ কৰি ‘চাৰ্জ আই ফাউণ্ডেশ্যন’ক এই অভিনৱ আঁচনি ৰূপায়নৰ বাবে সাহাৰ্য আগবঢ়াইছে, যি আঁচনিৰ নাম হৈছে – ‘আমাৰ মাটি, আমাৰ খেতি’

You might also like