নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁও আৰক্ষীৰ অভিযানত জোৰশিমলুত ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ এজন লোক আটক

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰ: কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষীৰ ড্ৰাগছ, মদ, চোৰাং গৰু সৰবৰাহকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। এই অভিযান অব্যাহত থকাৰ সময়তে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই যোৱা নিশা ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত জোৰশিমলু চৌতাৰাত ৩ টা ড্ৰাগছ ভৰ্তী কন্টেইনাৰসহ এজন ড্ৰাগছ ব্যৱসায়ী আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা লোকজন হল ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত কালাটলী পথাৰৰ আমিৰ হামজা।

You might also like