নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষয়িত্রী শিপিনী জিনু চুতীয়া বৰুৱাৰ গামোচাত প্রাণ পালে ভাৰতৰ মানচিত্রই

তাঁতশালত জীৱনৰ চিত্র আঁকি উলিওৱাৰ প্রচেষ্টা জোনাইৰ শিক্ষয়িত্রী শিপিনীৰ

নিয়মীয়া বার্তা, ৬ অক্টোবৰঃ অসমীয়া গামোচাত নিজে কটা মুগা সূতা আৰু এৰী সূতাৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ যঁতৰত সূতা কাটি থকা ফটোৰ লগতে ভাৰতৰ মানচিত্র তুলি ধৰিলে জোনাইৰ শিপিনী জিনু চুতীয়াই৷ ২ অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষে বৈ উলিয়াইছে শিপিনীগৰাকীয়ে৷ জোনাইৰ কমলপুৰ নিৱাসী তথা মূর্কংচেলেক জাতীয় বিদ্যালয়ত শিক্ষকতা কৰাৰ লগতে জোনাইৰ সহস্রাধিক ছাত্র–ছাত্রীক আর্টৰ শিক্ষা দিয়া, বহু ছাত্র–ছাত্রীক কলাৰ শিক্ষা দিয়া জিনু চুতীয়া বৰুৱাই ইয়াৰ পূর্বেও চৰকাৰৰ কোনো আর্থিক সাহায্য নোপোৱাকৈ সৰুৰে পৰাই ছবি আঁকি আৰু তাঁতশালৰ কিটিক কিটিক শব্দ শুনি ভাল পোৱা এজনী শিপিনীয়ে বয়ন শিল্পক সজীৱ কৰি ৰখাৰ মানসিকতাৰ জিনু চুতীয়া বৰুৱাই ঐকান্তিক প্রচেষ্টাৰে অসমৰ বয়ন শিল্পৰ তাঁতশালত জীৱনৰ চিত্র আঁকি উলিয়াবলৈ সক্ষম হৈছে৷

জিনুৱে অসমীয়া সংস্কৃতিক সজীৱ কৰি ৰখাৰ স্বার্থত ২০১৬ চনত প্রায়১৩ ফুট দীঘল গামোচাত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ফটোসহ দহটা লোকপ্রিয় গীত, ২০১৭ চনত প্রায় আঠ মাহৰ প্রচেষ্টাৰ অন্তত ১২৪ ফুট দীঘল গামোচাত মহাপুৰুষ শংকৰদেৱৰ ফটোসহ ৩৪টা বৰগীত লিখিবলৈ সক্ষম হয়৷ লগতে ১৩ ফুত দীঘল গামোচাত ৮টা গায়ন মালিতা ফুল বাছি উলিয়াইছে৷

জিনু বৰুৱাই পুনৰ ২০১৮ বর্ষৰ অসম সাহিত্য সভাৰ প্রথম সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ লগতে ভূপেন হাজৰিকা, হেমচন্দ্র গোস্বামী, কনকসেন ডেকা, হোমেন বৰগোহাঞি, ড০ নির্মলপ্রভা বৰদলৈকে ধৰি ১৯১৭–২০১৮ চনলৈ মুঠ ৬৮টা অসম সাহিত্য সভাৰ সভাপতিৰ চিত্রসহ নামৰ সৈতে ২০ ফুট দীঘল গামোচাত ২০১৮ চনৰ ২০ জুনত আৰম্ভ আৰু ২০১৮ চনৰ ৩০ নৱেম্বৰত সমাপ্ত কৰে৷ ৬ মাহৰ ভিতৰত বাছি উলিওৱাৰ উপৰি ১৫ ফুট দীঘল গামোচাত ২৫ দিনৰ ভিতৰত ৮টা মিদং আৰু জুবিনৰ গীত অ’ মা অ’ দেউতা গীত দুটাও গামোচাত ফুল বাছি উলিওৱাৰ লগতে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, জ্যেষ্ঠ সাংবাদিক জাৰিৰ হুছেইনৰ ফটোই জিনু চুতীয়া বৰুৱাৰ গামোচাত প্রাণ পাইছে৷

উল্লেখ্য যে জিনু চুতীয়া বৰুৱাই বৰগীত, ভূপেন সংগীত, মালিতা, মেপ, শংকৰদেৱ, ভূপেন হাজৰিকা আৰু সাহিত্য সভাৰ সভাপতিৰ গামোচাত ফুল বাচিবলৈ কোনো ফুলৰ চানেকি ব্যৱহাৰ কৰা নাই৷ ফটো চাই মনৰ কল্পনাত তাঁতশালত জীৱনৰ চিত্র আঁকি উলিয়ায় জিনু চুতীয়া বৰুৱাই৷ বর্তমানে কলাক্ষেত্রৰ বাবে এক পৰিকল্পনা কৰি থকা শিপিনী জিনু চুতীয়া বৰুৱা সঁচাকৈয়ে কেৱল সমাজ নহয়, জাতিৰ মহিমাৰে কর্ম–সংস্কৃতিৰ উজ্জ্বল নিদর্শন দাঙি ধৰা এক অনন্যা নাৰী৷ তেওঁৰ মহান কর্মৰাজি প্রতিটো প্রজন্মৰ বাবে এক আদর্শস্বৰূপ৷

You might also like