নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত এজনৰ দেহত ক’ভিড -১৯ পজিটিভ

নিয়মীয়া বাৰ্তা, ১১ জুন: তৈলনগৰী দুলীয়াজানত এজনৰ দেহত পোৱা গ’ল ক’ভিড-১৯ পজিটিভ । দুলীয়াজান বৰাগাধৈ অঞ্চলৰ যুৱকজন দ্বীপজ‍্যোতি ফুকন বুলি জানিব পৰা গৈছে ।

প্ৰাপ্ত তথ‍্য অনুসৰি, লকডাউনৰ কিছুদিনৰ পূৰ্বে চেন্নাইলৈ কৰ্মসূত্ৰে যোৱা যুৱকজন ঘুৰি আহি মৰাণ নৱোদয় বিদ‍্যালয়ত ১৪ দিন কোৱাৰেন্টাইন হৈ আছিল । যুৱকজনৰ শৰীৰৰ প্ৰথম টেষ্ট নিগেটিভ অহাত বুধবাৰ অৰ্থাৎ ১০ জুনৰ দিনা নিজ ঘৰলৈ যাবলৈ দিয়া হয় । পুনৰ দ্বিতীয় টেষ্টৰ ৰিজাল্ট পজিটিভ অহাত প্ৰশাসনৰ উদ‍্যোগত টেঙাখাট খণ্ড প্ৰাথমিক স্বাস্হ‍্য কেন্দ্ৰৰ স্বাস্হ‍্য কৰ্মীয়ে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ এম্বুলেঞ্চ যোগে যুৱকজনক প্ৰেৰণ কৰে । এই ঘটনাত যুৱকজনৰ গৃহত কোৱাৰেন্টাইন জ’ন ঘোষণা কৰিছে প্ৰশাসনে । ওচৰ চুবুৰীয়াৰ সন্দেহ অনুসৰি সন্ধিয়া ৫ বজাত ঘৰত উপস্থিত হোৱা উক্ত যুৱকজনে পুনৰ ঘৰৰ বাহিৰলৈ গৈ অন‍্যান‍্য লোকৰ সংস্পৰ্শলৈ গৈছিল।

You might also like