নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত বিশেষভাৱে সক্ষম লোকক প্ৰমাণ পত্ৰ বিতৰণ

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত আজি দুলীয়াজান সমষ্টিৰ দিব্যাংগসকলক বাধাগ্ৰস্ততাৰ প্ৰমাণ পত্ৰ বিতৰণ কৰা হয় । এই উপলক্ষে দুলীয়াজান টিপলিংঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এক শিৱিৰত সমষ্টিৰ বিধায়ক তেৰছ গোৱালাৰ উপস্হিতিত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ কেইবাটাও বিভাগৰ বিশেষজ্ঞ চিকিৎসকে সমষ্টিৰ ১৬ খন পঞ্চায়তৰ প্ৰায় ৫৫১ গৰাকী দিব্যাংগক শাৰিৰীক বাধাগ্ৰস্ততাৰ সন্দৰ্ভত পৰীক্ষা সম্পন্ন কৰে ।

উল্লেখযোগ্য যে যিসকল দিব্যাংগ ৪০ শতাংশৰো অধিক শাৰিৰীক বাধাগ্ৰস্ততাত ভুগিছে সেইসকল দিব্যাংগলৈ আজি শিৱিৰতে বাধাগ্ৰস্ততাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় । ইফালে অধিক শাৰীৰিক বাধাগ্ৰস্ততাৰ সকলক ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰে । বাধাগ্ৰস্ততাৰ প্ৰমাণপত্ৰ লাভ কৰা দিব্যাংগসকলক চৰকাৰীভাৱে বেংক একাউণ্ট যোগে মাহেকীয়া পেঞ্চন প্ৰদান কৰি তেওঁলোকৰ সুস্হিৰ জীৱন নিৰ্বাহত সহযোগ আগবঢ়োৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছে চৰকাৰে । উক্ত অনুষ্ঠানত দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই দিব্যাংগ আৰু পৰিয়ালৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অৱস্হাৰ বুজ লয় । আজি শিৱিৰত সমষ্টিৰ প্ৰায় হাজাৰোধিক দিব্যাংগ আৰু পৰিয়ালৰ সদস্য উপস্হিত হৈ চৰকাৰী এই কাম কাজত একমুখে সন্তুষ্টি প্ৰকাশ কৰা লগতে বিধায়কগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে।

You might also like