নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজসাহায্যযুক্ত চাউলৰ ক’লা বজাৰ! ডিব্ৰুগড়-তিনিচুকীয়াত অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ অতৰ্কিত অভিযান

বিশেষ বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ ৰাজ্যৰ দৰিদ্ৰ শ্ৰেণীৰ বাবে অনুমোদিত ৰাজসাহায্য চাউল এতিয়া কলা বজাৰত! ৰাজ্যৰ বিভিন্ন স্থানত এনে চৰকাৰী চাউল একাংশ ধুৰন্ধৰ লোকে কেৱল ব্যক্তিগত মুনাফাৰ বাবেই দৰিদ্ৰৰ মুখৰ ভাত কাৰি মুক্তভাৱে বিক্ৰী কৰি আহিছে এক বৃহৎ চোৰাং বজাৰত। এনে অভিযোগৰ ভিত্তিত আজি ৰাজ্যৰ অথনৈতিক অপৰাধ অনুসন্ধান শাখাৰ এটা উচ্চ স্তৰীয় দলে উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ দুটা স্থানত অৰ্তকিতে অভিযান চলাই চৰকাৰী ৰাজসাহায্যযুক্ত মুঠ ৬৪১৫ কুইণ্টল চাউল জব্দ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সকলোৰে চকু কপালত তুলিছে। জানিব পৰা মতে ৰাজ্যৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ অধীক্ষক দিলীপ কুমাৰ, উপ আৰক্ষী অধীক্ষক ইন্দ্ৰজিত চক্ৰৱৰ্তীসহ এক উচ্চ স্তৰীয় দলে দীৰ্ঘদিনীয়া অভিযোগৰ ভিত্তিত প্ৰথমে ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষী থানাৰ অধীনত ৰাষ্টীয় ঘাইপথৰ দাঁতিত থকা ঘূৰনীয়াস্থিত মেৰ্চাচ লৰুৱা সমবায় সমিতিৰ গুদামত অভিযান চলায়। উক্ত অভিযানত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে বিতৰণ কৰিব লগীয়া জমা ৰখা মুঠ ৪৪৫০ কুইণ্টল চাউল জব্দ কৰাৰ লগতে গুৰুত্বপূৰ্ণ নঠি-পত্ৰও জব্দ কৰে বিষয়াসকলে। এই অভিযান ইমান কৌশলপূৰ্ণ আছিল যে সমবায় সমিতিখনৰ কোনেও তৰ্কিবই নোৱাৰিলে। জানিব পৰা অনুযায়ী উক্ত চাউল সুলভ মূল্যৰ দোকানৰ জৰিয়তে সময়মতে বিতৰণ কৰিব লাগিছিল যদিও লৰুৱা সমবায় সমিতিয়ে তেনে কৰা নাছিল আৰু উপভোক্তাসকল নিজ প্ৰাপ্য চাউলৰ পৰা দীৰ্ঘদিন বঞ্চিত হৈ আছিল।সেয়ে অভিযোগৰ আধাৰত অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই অভিযান চলাই জব্দ কৰে উক্ত মজুত ৰখা ৰাজসাহাৰ্যযুক্ত চাউল। অভিযানৰ সময়ত স্থানীয় আৰক্ষীকো অৱগত নকৰাৰ বাবেই ঘটনাৰ সন্দৰ্ভত কোনো লোকক সোধ-পোচৰ বাবে আটক বা গ্ৰেপ্তাৰ কৰা সৰ্ম্পকত জানিব পৰা হোৱা নাই।তথ্য মতে উক্ত সমিতিখনে জব্দকৃত চৰকাৰী ৰাজসাহায্য চাউল উপভোক্তাক প্ৰদান নকৰি, কলা বজাৰত বিক্ৰীৰ বাবেই মজুত কৰি ৰাখিছিল। ইয়াৰ পূৰ্বেও সমিতিৰ কাৰ্যালয় এনে কাৰ্যকলাপৰ বাবে চীল কৰি দিয়াৰো নজিৰ আছে। আনহাতেদি একেই অভিযোগৰ আধাৰত আজি তিনিচুকীয়া জিলাৰ ডুমডুমা থানাৰ অন্তৰ্গত ৰূপাই চাইদিঙৰ মেৰ্চাচ টিপুক সমবায় সমিতিৰ পৰা মুঠ ১৯৫৫ কুইণ্টল ৰাজসাহায্য চাউল অপৰাধ অনুসন্ধান শাখাই জব্দ কৰে।জানিব পৰা মতে দুয়োখন সমবায় সমিতিৰ সকলো নথি-পত্ৰ অনুসন্ধানকাৰী দলটোৱে জব্দ কৰাৰ লগতে অহা ২৬ ছেপ্টেম্বৰত গুৱাহাটীস্থিত কাৰ্যালয়ত সমবায় সমিতিৰ বিষয়ববীয়াসকলক সোঁশৰীৰে উপস্থিত থাকিবলৈ নিৰ্দ্দেশ জাৰি কৰে। আজিৰ এই ঘটনাই সকলোকে সচকিত কৰি তোলাৰ লগতে সমগ্ৰ ৰাজ্যতে চাউলৰ এনে কলা বজাৰ থকাতো স্পষ্টৰূপত প্ৰমাণিত কৰিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like