কিয় দাম নাপায় খেতিয়কে? উচিত মূল্য পোৱাৰ পৰা বঞ্চিত ৰাজ্যৰ কৃষক
নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ ৰাজ্যৰ অর্থনীতিলৈ প্রভূত অৰিহণা আগবঢ়ায়ো প্রাপ্যৰ পৰা বঞ্চিত হৈ আহিছে কৃষক–ৰাইজ৷ ইয়াৰ সমান্তৰালভাৱে সর্বসাধাৰণৰ মূৰত মূল্যবৃদ্ধিৰ ৰামটাঙোন বছৰটোৰ ১২ মাহতেই যেন সাধাৰণ ঘটনা হৈ পৰিছে৷ ঋণ–সুদ লৈ মূৰৰ ঘাম মাটিত পেলাই কৃষিকর্মত ব্রতী হোৱা খেতিয়ক ৰাইজক একপ্রকাৰ কোঙা কৰি পেলাইছে মধ্যভোগী–দালাল চক্রৰ কেঁকোৰা চেপাই৷ কৃষকসকলে উৎপাদিত ফচলৰ উচিত মূল্য নোপোৱাৰ বিপৰীতে কম দৰতে সেয়া ক্রয় কৰি গুৱাহাটীকে ধৰি অসমৰ লগতে চুবুৰীয়া মেঘালয়, অৰুণাচল প্রদেশ, পশ্চিমবংগ, ত্রিপুৰা আদি ৰাজ্যৰ চাহিদা থকা বজাৰত বিক্রী কৰা হৈছে মাত্রাধিক দৰত৷ মধ্যভোগী–দালাল চক্রৰ এনে অভীপ্সাৰ ফল ভুগিছে সর্বসাধাৰণ গ্রাহকে৷
পাচলি উৎপাদনৰ ক্ষেত্রত নামনি অসমত বৰপেটা আৰু দৰং জিলাৰ কৃষকসকলে অগ্রণী ভূমিকা গ্রহণ কৰি আহিছে৷ এই জিলা দুখনৰ পাচলি উৎপাদনকাৰী কৃষকসকলক লৈয়েই বৰপেটাৰোড আৰু খাৰুপেটীয়াত গঢ়ি উঠিছে দুখন বৃহৎ পাইকাৰী বজাৰ৷ বৰপেটাৰোড–খাৰুপে পাইকাৰী বজাৰে গুৱাহাটী মহানগৰীত পাচলিৰ ৫০ৰ পৰা ৭০ শতাংশই চাহিদা পূৰণ কৰি আহিছে৷ কিন্তু বৰপেটাৰোড বা খাৰুপেটীয়াৰ পাইকাৰী বজাৰত উৎপাদনকাৰী কৃষকে পাচলিৰ যি মূল্য লাভ কৰে, তাৰ তুলনাত গুৱাহাটীত দুই–তিনিগুণ অধিক দৰত পাচলি গ্রাহকে ক্রয় কৰিব লাগে৷ একমাত্র চৰকাৰৰ বজাৰৰ ওপৰত নিয়ন্ত্রণ নথকাৰ পৰিণতিতেই মধ্যভোগী–দালাল চক্রই ওপৰতেই এনেদৰে লাভৱান্বিত হৈ অহাৰ অভিযোগ দীর্ঘদিনীয়া৷ এই প্রতিবেদকে সমগ্র বিষয়টো সন্দর্ভত বৰপেটাৰোড–খাৰুপে চলোৱা চৰজমিন তদন্তত কেতবোৰ গুৰুত্বপূর্ণ দিশ উন্মোচিত হৈছে৷ কৃষকে অনা উৎপাদিত পাচলি বৰপেটাৰোড–খাৰুপে বজাৰত প্রথমতে তেনেই কম মূল্যত ক্রয় কৰে স্থানীয় ব্যৱসায়ীয়ে৷ ইয়াৰ পাছতে এই স্থানীয় ব্যৱসায়ীসকলৰ পৰা কিছু মূল্য বেছিকৈ দি দালাল–মধ্যভোগী চক্রই ক্রয় কৰি লয়৷ বজাৰত দালাল–মধ্যভোগী চক্রৰ নিয়ন্ত্রণত থকা গুদাম ঘৰত মজুত কৰি ৰাখি পাচলিবোৰ পাছত প্রেৰণ কৰা হয় গুৱাহাটীৰ পামহি তথা আন বজাৰসমূহলৈ৷
উল্লেখ্য যে খাৰুপেটীয়াত উৎপাদিত পাচলি প্রধানতঃ গুৱাহাটী, শিলচৰ, লখিমপুৰ, কার্বি আংলং, ত্রিপুৰাৰ আগৰতলা, মেঘালয়ৰ শ্বিলঙৰ লগতে অৰুণাচলৰ বজাৰলৈ প্রেৰণ কৰে৷ সেইদৰে বৰপেটাত উৎপাদিত তথা প্রথমতে বৰপেটাৰোড বজাৰত বিক্রী হোৱা পাচলি প্রেৰণ কৰা হয় গুৱাহাটী, বৰপেটা নগৰ, বঙাইগাঁও, পাঠশালা, ধুবুৰী, নলবাৰী, তিনিচুকীয়া, লিডু আৰু শ্বিলঙলৈ৷ বৰপেটাৰোড আৰু খাৰুপেটীয়াৰ পৰা গুৱাহাটীলৈ দূৰত্ব প্রায় ১০০ৰ পৰা ১২০ কিলোমিটাৰ৷ কিন্তু এইখিনি দূৰত্বৰ ব্যৱধানতে দুয়োখন বজাৰত কৃষকে পানীৰ দৰত বিক্রী কৰা পাচলি দুই–তিনিগুণ দৰত ক্রয় কৰিব লাগে গুৱাহাটীৰ গ্রাহকে৷ গুৱাহাটীৰ পামহি বজাৰলৈ আহি পোৱাৰ পাছতেই প্রকৃততে বৰপেটাৰোড–খাৰুপে বজাৰৰ পাচলিৰ মূল্য আকাশলংঘী হৈ পৰে৷ এইক্ষেত্রত উদাহৰণস্বৰূপে আজিৰ তাৰিখত বৰপেটা আৰু দৰং জিলাৰ খেতিয়কে ৰঙালাও প্রতি কিলোগ্রামত ১২ৰ পৰা ১৫ টকাত বিক্রী কৰিবলগীয়া হৈছে৷ বৰপেটাৰোড পাইকাৰী বজাৰত ৰঙালাও বিক্রী হয় প্রতি কিলোগ্রামত ২০ৰ পৰা ২৫ টকাত৷ সেইদৰে খাৰুপেটীয়া পাইকাৰী বজাৰত প্রতি কিলোগ্রাম ৰঙালাওৰ মূল্য বৰপেটাৰোডৰ দৰে একেই৷ কিন্তু পামহি বজাৰ পোৱাৰ পাছতেই ইয়াৰ মূল্য হৈ পৰে ৩০ৰ পৰা ৩৫ টকা আৰু গুৱাহাটীৰ খুচুৰা বজাৰত প্রতি কিলোগ্রাম ৰঙালাও বিক্রী হৈছে ৪০ৰ পৰা ৬০ টকা পর্যন্ত দৰত৷ বৰপেটা–দৰঙত প্রতি কিলোগ্রাম ভেণ্ডি, ফুলকবি আৰু ওলকবিৰ মূল্য মাত্র ১৫ৰ পৰা ২০ টকা হোৱাৰ বিপৰীতে গুৱাহাটীত এই তিনিবিধ পাচলি ক্রমে ৬৫ টকা, ৩৫ টকা আৰু ৪৫ টকা পর্যন্ত দৰত বিক্রী হৈ আছে৷ সেইদৰে জিলা দুখনৰ খেতিয়কে বহু কষ্টেৰে কৰা খেতিৰ পাছত প্রতি কিলোগ্রাম গাজৰ বিক্রী কৰি ৫০ৰ পৰা ৬০ টকা পায় যদিও এই পাচলিবিধ গুৱাহাটীৰ বজাৰত বিক্রী হৈছে ১২০ টকা পর্যন্ত মূল্যত৷ খেতিয়কে পোৱা মূল্য আৰু বজাৰত পাচলি কিদৰে ঊর্ধ্বমুখী দৰত বিক্রী হৈছে তাৰ বিশদ তালিকা এই প্রতিবেদনৰ লগত সংলগ্ণ কৰি দিয়া হ’ল৷ সমগ্র বিষয়টো সন্দর্ভত বৰপেটা আৰু খাৰুপেটীয়াৰ কেইবাজনো কৃষকে এই প্রতিবেদকৰ আগত কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰিছে৷
হাউলিৰ খেতিয়ক ছাদিকুৰ ৰহমানে অতি স্পষ্টকৈ কয় যে বজাৰত মধ্যভোগীয়ে কৃষকসকলক শোষণ কৰি আহিছে৷ বজাৰত গুদামৰ অভাৱ নাই৷ কিন্তু গুদামৰ মালিকসকলে কৃষকৰ পৰা কম মূল্যতে পাচলি ক্রয় কৰি বাহিৰৰ বজাৰলৈ পঠিয়াই মুনাফা অর্জন কৰি আহিছে৷ বৰপেটাৰোডৰ বজাৰত বাহিৰৰ ব্যৱসায়ীক প্রত্যক্ষভাৱে পাচলি ক্রয় কৰিবলৈ দিয়া নহয়৷ গুদামৰ মালিকে নিয়োগ কৰা দালালেহে পাচলি ক্রয় কৰি গুদামত জমা ৰাখে৷ কলহভাঙাৰ ছৰিফুল ইছলাম নামৰ কৃষকজনে অতি আক্ষেপেৰে কয় যে বর্তমান খেতি কৰি লাভ নাই৷ কৃষিকার্যত খৰচ বহুত বাঢ়ি গৈছে যদিও সেই অনুপাতে বজাৰত উৎপাদিত পাচলিৰ মূল্য নাপায়৷ বজাৰত দালালৰাজ চলি আছে৷ খাৰুপেটীয়াৰ পাইকাৰী বজাৰত পাচলি বিক্রী কৰা মণ্ডলপাৰাৰ কৃষক সুৰজ আলীয়ে কয় যে দুই কঠা মাটিত তিয়ঁহৰ খেতি কৰিছিল৷ কিন্তু দামৰ কথা শুনি বজাৰত পাচলি বিক্রী কৰিবলৈ মন নাযায়৷ তিয়ঁহ প্রতি কিলোগ্রামত ১৫ৰ পৰা ২০ টকাতে বিক্রী কৰিবলগীয়া হৈছে৷ কামাৰপাৰাৰ আইজল হকে বাহিৰৰ পৰা অহা ব্যৱসায়ীক প্রত্যক্ষভাৱে পাচলি ক্রয় কৰিবলৈ সুবিধা দিলে কৃষকে উৎপাদিত পাচলিৰ উচিত মূল্য পালেহেঁতেন বুলি মন্তব্য কৰে৷
অনুৰূপ মন্তব্য ইহুদিয়াৰ আব্দুৰ ৰছিদৰো৷ মন কৰিবলগীয়া যে ৰাজ্য চৰকাৰৰ অধীনত অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ নামৰ এটা প্রতিষ্ঠান আছে যদিও ই কার্যক্ষেত্রত ভালুকৰ সাঙীলৈ পর্যবসিত হৈছে৷ অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ পাচলি বজাৰত থাকিবলগীয়া নিয়ন্ত্রণ বাস্তৱত নাই৷ কেৱল কাগজে–কলমেহে যেনে এতিয়া অস্তিত্ব বর্তি আছে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ৷ যাৰ বাবেই হাড়ভগা পৰিশ্রম কৰিও উৎপাদিত ফচলৰ উচিত মূল্য লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে ৰাজ্যৰ কৃষক–জনতাই৷ এনে অৱস্থাত প্রশ্ণ উত্থাপন হৈছে– অসমৰ ক্ষেত্রত সপোন হৈয়ে থাকিব নেকি কৃষকৰ দুগুণ আয়ৰ শ্লোগান?