নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিশ্বিল্ডৰ ট্রায়েলত স্নায়ু ৰোগত আক্রান্ত স্বেচ্ছাসেৱী

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ ক’ৰোনা ভাইৰাছৰ ভেকচিনৰ পৰীক্ষামূলক প্রয়োগৰ পাছত চেন্নাইৰ এজন ৪০ বছৰীয়া স্বেচ্ছাসেৱীৰ শৰীৰত গুৰুতৰ পার্শ্বক্রিয়া ঘটিছে৷ স্বয়ং ভুক্তভোগীজনে এই অভিযোগ তুলি ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ পৰা ৫ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰিছে৷

ইতিমধ্যে পুনেস্থিত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়ালৈ আইনী জাননী প্রেৰণ কৰা হৈছে৷ অৱশ্যে তামিলনাডুৰ স্বাস্থ্যমন্ত্রীয়ে ভেকচিনবিধৰ পৰীক্ষামূলক প্রয়োগৰ ফলত পার্শ্বক্রিয়াৰ তথ্য লাভ কৰা নাই বুলি জনাইছে৷ অভিযোগ সন্দর্ভত তদন্ত কৰা হ’ব বুলি তেওঁ জনায়৷

উল্লেখ্য যে অক্সফ’ড বিশ্ববিদ্যালয় আৰু ব্রিটিছ ঔষধ প্রস্তুতকাৰক এষ্ট্রাজেনেকাৰ সহযোগত ছিৰাম ইণ্ডিয়াই ক’ভিশ্বিল্ডৰ পৰীক্ষামূলক প্রয়োগ কৰাৰ লগতে ব্যাপক হাৰত উৎপাদনৰো প্রস্তুতি চলাই ইতিমধ্যে আন্তঃগাঁথনি প্রায় সাজু কৰি তুলিছে৷ স্বেচ্ছাসেৱকজনে অভিযোগ কৰে যে ভেকচিন প্রয়োগৰ পাছত তেওঁৰ স্নায়ুতন্ত্রত ব্যাপক পার্শ্বক্রিয়া ঘটিছে৷ মানসিকভাৱেও তেওঁ গুৰুতৰভাৱে ভাগি পৰিছে৷ তেওঁ শীঘ্রেই ক’ভিশ্বিল্ডৰ পৰীক্ষামূলক প্রয়োগ, উৎপাদন আৰু বিতৰণ বন্ধ কৰিবলৈ আইনী জাননীযোগে দাবী জনাই আইনী ব্যৱস্থা গ্রহণৰ ভাবুকি দিয়ে৷ ইপিনে, ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়ায়ো স্বেচ্ছাসেৱকজনৰ এই গুৰুতৰ অভিযোগ নাকচ কৰিছে৷

You might also like