নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯৭৫জন পুনৰ ক’ভিডত আক্রান্তঃ পজিটিভিটী ০.৮৫%

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ শুকুৰবাৰে নতুনকৈ আক্রান্ত হৈছে ৯৭৫জন লোক৷ ইয়াৰে ১২১জন কামৰূপ মহানগৰ জিলাৰ৷ বিগত ২৪ ঘণ্টাত মুঠ ১,১৫,০৪৯টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ০.৮৫ শতাংশ৷

ইপিনে শুকুৰবাৰে মৃত্যু হৈছে ১৪জন লোকৰ৷ সুস্থতাৰ হাৰ হৈছে ৯৭.০২ শতাংশ৷ উল্লেখ্য যে ক্রমাগতভাৱে ৰাজ্যত উন্নত হৈছে ক’ভিড পৰিস্থিতি৷ কালিৰ দিনটোত আক্রান্তৰ হাৰ আছিল ০.৮১ শতাংশ৷ ইফালে কালি পর্যন্ত ৰাজ্যত মুঠ ১,১৮,৩৭,৭৩০জন লোকক ক’ভিড ভেকচিন প্রদান কৰা হৈছে৷ ইয়াৰে ২০,৮১,০১৮জনে লাভ কৰিছে ভেকচিনৰ দুটাকৈ ড’জ৷

You might also like