নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ উত্তপ্ত ডবকাৰ টোলগেট লাঠী–ৰডেৰে চালকক প্রহাৰ কর্মচাৰীৰ

নিয়মীয়া বাৰ্তা ২৪ মাৰ্চঃ হোজাইৰ ডবকা টোলগেটত মঙলবাৰে পুনৰ এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়৷ ৩৬নং ৰাষ্ট্রীয় ঘাইপথত থকা ডবকা মিকিৰাটি টোল প্লাজাত আজিও একাংশ উদণ্ড কর্মচাৰীয়ে এজন চালকক লাঠীৰে গুৰুলাগুৰুলকৈ প্রহাৰ কৰা ঘটনাক লৈ উত্তাপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ডবকাৰ জাকিৰ হুছেইন নামৰ চালক এজনে এ এছ–০২–চি চি–০৮৯৭ নম্বৰৰ চাৰিচকীয়া বাহনেৰে যমুনামুখত ধান আনিবলৈ যায়৷ ডবকা সর্দাৰগাঁৱত অৱস্থিত টোলগেটৰ কর্মচাৰীয়ে কৰ বিচৰাত চালক জাকিৰে ফাষ্টটেগ লগোৱা আছে বুলি উল্লেখ কৰে৷ পাছে জাকিৰৰ বাহনত শেষ হৈছিল ফাষ্টটেগ ৰিচার্জ আৰু পৰিমাণতকৈ ছয় গুণ অধিক টোল টেক্স বিচৰাত চালক আৰু টোলগেটৰ কর্মচাৰীৰ সৈতে প্রথমে কথাৰ কটাকটি হয় যদিও পিছলৈ পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰে৷

গাড়ীচালকজনক লাঠী, ৰড, বাঁহৰে গুৰুলাগুৰুলকৈ প্রহাৰ কৰে একাংশ উদণ্ড টোলগেট কর্মচাৰীয়ে৷ স্থানীয় ছাদ্দাম হুছেইন নামৰ যুৱক এজনে চালক জাকিৰ হুছেইনক ৰক্ষা কৰিবলৈ আগবাঢ়ি আহে৷ ছাদ্দামকো টোলগেটৰ কর্মচাৰীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে৷ জাকিৰক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্রেৰণ কৰে৷ মাৰপিটত টোলগেটৰ কেইবাজনো কর্মচাৰী সামান্য পৰিমাণে আহত হয়৷ টোলগেটৰ কর্মচাৰীৰ গুণ্ডাৰাজৰ খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় একাংশ দল–সংগঠনৰ লগতে ৰাইজে টোলগেট ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ পিছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰি সাতজনকৈ টোলগেটৰ কর্মচাৰীক আটক কৰি থানালৈ লৈ যায়৷ ধৃত টোল কর্মচাৰীকেইজন হ’ল ক্রমে শ্বাহাব উদ্দিন, অভিষেক টপ্পো, জুবিন খালকো, সুমিত টপ্পো, চুদিৰ আইন আৰু বাবু বাছফোৰ৷

You might also like