নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ আহিছে মাংকীপক্স

ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণে বিগত দুবছৰতকৈ অধিক কাল ধৰি পৃথিৱীজুৰি তাণ্ডৱ সৃষ্টি কৰি থকাৰ মাজতে পৃথিৱীত বিভিন্ন নতুন ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ আফ্রিকান দেশসমূহত মাৰাত্মক মাৰবার্গ আৰু ছোৱাইন ফ্লুৱে ইতিমধ্যে সংক্রমণ আৰম্ভ কৰিছে৷ ইয়াৰ সমান্তৰালকৈ আফ্রিকা–ইউৰোপৰ লগতে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পিছে মাংকীপক্স৷ মাংকীপক্স ভাইৰাছক লৈ ইতিমধ্যে পৃথিৱীজুৰি জৰুৰী অৱস্থা ঘোষণা কৰিছে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই৷ আন্তর্জাতিক চিকিৎসা সংস্থাটোৰ আশংকা অনুসৰি মাংকীপক্সৰ সংক্রমণত প্রতিৰোধ লগাবলৈ তাৎক্ষণিকভাৱে ব্যৱস্থা গ্রহণ নকৰিলে ই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে৷ ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা সকলো দেশৰ চৰকাৰক যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ পৰামর্শ আগবঢ়োৱা হৈছে৷ ক’ভিড–১৯ মহামাৰী প্রতিৰোধৰ ক্ষেত্রত যি ধৰণৰ কঠোৰ ব্যৱস্থা পৃথিৱীৰ সকলো দেশে গ্রহণ কৰি আহিছে, সেই অনুৰূপ ব্যৱস্থা মাংকীপক্সৰ ক্ষেত্রতো গ্রহণ কৰা উচিত বুলি সংস্থাৰ বিশেষজ্ঞ চিকিৎসকসকলে মন্তব্য কৰিছে৷ আটাইতকৈ চিন্তনীয় বিষয়টো হৈছে ক’ভিডৰ তাণ্ডৱৰ পৰা পৃথিৱীবাসীয়ে পৰিত্রাণ নৌপাওঁতেই কেইবাটাও নতুন ভাইৰাছে আহি সৃষ্টি কৰিছে আতংক৷ আফ্রিকাৰ কালব্যাধি হিচাপে চিহ্ণিত মাৰবার্গে অৱশ্যে বিশ্বৰ অন্যান্য প্রান্তত এতিয়াও সংক্রমণৰ সংহাৰ সৃষ্টি কৰিব পৰা নাই৷ কিন্তু ঘানাকে ধৰি কেইবাখনো দেশত এই ভাইৰাছৰ দ্বাৰা আক্রান্ত লোকক চিহ্ণিত কৰা হৈছে৷ মাৰবার্গত আক্রান্ত লোকৰ মৃত্যুৰ হাৰ সর্বাধিক হ’ব বুলিও চিকিৎসা বিশেষজ্ঞসকলে সতর্কবাণী কৰি আহিছে৷ এনে এক পৰিস্থিতি অব্যাহত থকাৰ সময়তে এতিয়া মাংকীপক্সক লৈ বিশ্বজুৰি জৰুৰী ব্যৱস্থা ঘোষণা কৰিবলগীয়া হৈছে ‘হু’ৱে৷ হুৰ এনে পদক্ষেপৰ পাছতে পৃথিৱীৰ বিভিন্ন দেশে মাংকীপক্সৰ সংক্রমণত প্রতিৰোধ লগাবলৈ আন্তর্জাতিক ভ্রমণৰ ক্ষেত্রত নতুন নিয়ম বলৱৎ কৰাৰ চিন্তা–চর্চা চলাইছে৷ ইফালে, ক’ভিড মহামাৰীয়ে শেহতীয়াকৈ পৃথিৱীৰ কেইবাখনো দেশত নতুন আতংকৰ সৃষ্টি কৰিবলৈ লৈছে৷ কাৰণ ক’ভিডৰ কেইবাটাও পৰিৱর্তিত প্রকৰণে চিকিৎসা বিজ্ঞানলৈ সৃষ্টি কৰিছে প্রত্যাহ্বান৷ এই নতুন প্রকৰণবোৰৰ সংক্রমণৰ হাৰ কেনেধৰণৰ হ’ব পাৰে বা পৃথিৱীজুৰি এই নতুন প্রকৰণবোৰে কেনে পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, সেই সন্দর্ভত কোনোধৰণৰ তথ্য লাভ কৰা নাই বিশ্ব স্বাস্থ্য সংস্থাই৷ ক’ভিড মহামাৰী প্রতিৰোধৰ বাবে কেইবাটাও ভেকচিন উদ্ভাৱন হৈছে যদিও ক’ভিডে বাৰে বাৰে ৰূপ সলাই চিকিৎসা বিজ্ঞানীসকলক সংকটত পেলাইছে৷ অর্থাৎ এতিয়া মহামাৰী কবলিত বিশ্বত নতুন নতুন ভাইৰাছে মানৱ জাতিৰ বাবে কঢ়িয়াই আনিব ধৰিছে ভাবুকি৷
মাংকীপক্সৰ সংক্রমণ সন্দর্ভত চিকিৎসা বিজ্ঞানীসকলে বিভিন্ন তথ্য লাভ কৰিছে৷ ইয়াৰ ভিতৰত তৃতীয় লিংগৰ ব্যক্তিৰ যৌন সম্পর্ক অন্যতম কাৰণ হিচাপেও চিহ্ণিত হৈছে৷ উল্লেখনীয় যে পৃথিৱীত মাংকীপক্সত আক্রান্ত লোকসকলৰ অধিকসংখ্যকেই পুৰুষ৷ গতিকে অসংযমী তথা অবাধ যৌনাচাৰ মাংকীপক্সক আদৰি অনাৰ অন্যতম কাৰণ হ’ব পাৰে বুলি আশংকা প্রকাশ কৰিছে চিকিৎসা বিজ্ঞানীসকলে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, মাংকীপক্সৰ সংক্রমণ সন্দর্ভত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে যদিও ইয়াক প্রতিৰোধ কৰিব পৰা অৱস্থাত আছে৷ মাথোঁ ইয়াৰ বাবে বিশ্বৰ প্রতিখন দেশৰ চৰকাৰে যাৱতীয় স্বাস্থ্য বিধি মানি চলিবলৈ নাগৰিকসকলক বাধ্য কৰাব লাগিব৷ বিভিন্ন নিষেধাজ্ঞা আৰোপৰ প্রশ্ণও আহি পৰিব পাৰে এইক্ষেত্রত৷ কিন্তু তাৎক্ষণিকভাৱে এনেধৰণৰ কোনো নির্দেশাৱলী বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰা নাই৷ অর্থাৎ প্রতিখন দেশে ক’ভিড প্রট’কল যেনেদৰে ঘোষণা কৰিছিল, সেইদৰে মাংকীপক্সৰ সংক্রমণত প্রতিৰোধ লগাবলৈ নিজাববীয়াকৈ ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ অন্যথা ক’ভিডৰ দৰে মাংকীপক্সেও সংহাৰ সৃষ্টি কৰিব পাৰে পৃথিৱীজুৰি৷ মাংকীপক্সৰ আৰু এক ভয়াৱহ দিশ হৈছে ইয়াৰ সংক্রমণৰ সমান্তৰালকৈ অন্য ৰোগৰ উপসর্গই দেখা দিব পাৰে৷ অর্থাৎ এগৰাকী এই ভাইৰাছত আক্রান্ত ৰোগীয়ে কেৱল মাংকীপক্সৰেই সংক্রমণ ঘটাব বুলি ক’ব নোৱাৰি৷ অন্য ৰোগকো এনে ভাইৰাছত আক্রান্ত ৰোগীয়ে সামাজিক ক্ষেত্রত বিয়পাই দিব পাৰে৷ গতিকে বিশ্ব স্বাস্থ্য সংস্থাৰ সতর্কবাণী অনুসৰি শীঘ্রে ক’ভিডৰ দৰে মাংকীপক্সক প্রতিৰোধ কৰিবলৈ সমগ্র পৃথিৱীয়ে ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ পৰা মাংকীপক্সক বাধা দিব পৰা যথেষ্ট সুযোগ এতিয়াও আছে পৃথিৱীবাসীৰ সন্মুখত৷

You might also like