ধুবুৰী জিলা আৰক্ষীয়ে নিচাবিৰোধী অভিযানৰ অংশ হিচাপে বুধবাৰে জিলাখনৰ পাণবাৰীস্থ ২০নং এপিবি এন ছাউনীত আইনী বিধি-বিধান অনুসৰি এক ড্ৰাগছ নিষ্পত্তি (Drug Disposal) কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰে।
জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱাশিস বৰাৰ সভাপতিত্বত অনুষ্ঠিত সেই কাৰ্যসূচীত ড্ৰাগছ নিষ্পত্তি সমিতিৰ সদস্যসকল আৰু সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। কাৰ্যসূচীত বিভিন্ন এনডিপিএছ (NDPS) গোচৰত জব্দ কৰা নিষিদ্ধ মাদক দ্ৰব্য বৈজ্ঞানিক পদ্ধতিৰে ধ্বংস কৰা হয়।
আৰক্ষীৰ তথ্য অনুসৰি, ধ্বংস কৰা জব্দকৃত মাদক দ্ৰব্যখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১.৫৫ কোটি টকা।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৬ জুলাই :