নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডে প্ৰাণ ল’লে প্ৰাক্তন ছাত্র নেতা ফ্ৰান্সিচ তপ্নৰ; শোকাস্তব্ধ বৰহোলা

নিয়মীয়া বাৰ্তা, ১৩ জুলাই : প্ৰাক্তন আছু নেতা, সচেতন যুৱকৰ্মী তথা বৰহোলা গড়াজানৰ ফ্ৰান্সিচ তপ্নই ক’ভিডত আক্ৰান্ত হৈ আজি পুৱা ৩৫ বছৰ বয়সত অকাল মৃত্যুক সাৱটি লয়। ক’ভিড প’জিতিভ হৈ স্বাস্থ্যৰ গুৰুত্বৰভাৱে অৱনতি ঘটাত ফ্ৰান্সিচ তপ্নক যোৱা শুক্ৰবাৰে উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও আজি পুৱা ৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। পিতৃ-মাতৃৰ সৈতে বহু আত্মীয়ক এৰি থৈ যোৱা তপ্নৰ মৃত্যুত বৃহত্তৰ বৰহোলা অঞ্চলৰ চৌদিশ শোকাস্তব্ধ হৈ পৰিছে।

উল্লেখ্য যে এসময়ত বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক, উপদেষ্টা আৰু পৰৱৰ্তী সময়ত অসম সেনাৰ বৰহোলাৰ প্ৰতিনিধি হিচাপে ফ্ৰান্সিচ তপ্নিই সমাজ জীৱনৰ বিভিন্ন কৰ্মৰাজীৰ সৈতে জড়িত হৈ পৰিছিল। আজি পুৱা ফ্ৰান্সিচ তপ্নৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অগণন শুভাকাংশী, দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। বৰহোলা আছুৰ স্থায়ী কাৰ্যালয় নিৰ্মাণকে ধৰি এটা দশকৰো অধিক কাল আছুৰ মঞ্চত থাকি সামাজিকভাৱে সেৱা আগবঢ়োৱা ফ্ৰান্সিছ তপ্নৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক জুল খাউণ্ড, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ, সম্পাদক দ্বীপ দত্ত, তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য পাঠক, সম্পাদক সৌৰভ কলিতাই গভীৰ শোক প্ৰকাশ কৰিছে। বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা মানৱ সোনোৱাল, সভাপতি ভাস্কৰ জ্যোতি নেওগ, সম্পাদক প্ৰদীপ বৰুৱাই এক বিবৃতিত প্ৰচুৰ মনোবলৰ অধিকাৰী, সকলোৰে প্ৰিয় এগৰাকী ছাত্ৰ নেতা ফ্ৰান্সিচ তপ্নৰ মৃত্যু বৰহোলা আছুৰ বাবে অপূৰণীয় ক্ষতি বুলি প্ৰকাশ কৰিছে। তপ্নৰ মৃত্যুৰ শোকত বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ ৰক্তিম পতাকা তিনিদিনলৈ অৰ্ধনমিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জানিব পৰা গৈছে।

ইফালে বৰহোলা সাংবাদিক সন্থাৰ সভাপতি মণ্টুছ কোঁৱৰ, সম্পাদক অজয় শইকীয়া, তিতাবৰ চাহ জনজাতি ছাত্র সন্থাৰ সভাপতি মণ্টু ভক্তা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আছুৰ ইকৰাণি, গড়াজান, ৰজাবাহৰ, বৰহোলা, নগাবাট, ৰাইডাংজুৰি, নৱমিলন, বৰহোলা মহাবিদ্যালয় শাখা গোট আদিয়েও গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। 

 

You might also like