ডিচেম্বৰ-জানুৱাৰীত কাজিৰঙাত এলিভেটেড কৰিড’ৰ-ফ’ৰলেনযুক্ত পথৰ আধাৰশিলা
কেন্দ্ৰীয় চৰকাৰে কাজিৰঙাৰ এলিভেটেড কৰিড’ৰ আৰু চাৰিলেনযুক্ত পথৰ অনুমোদন জনোৱাৰ পাছত অহা ডিচেম্বৰ অথবা জানুৱাৰী মাহত আধাৰশিলা কৰা হব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। এই কথা কাজিৰঙাত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
উল্লেখ্য যে ডিচেম্বৰ অথবা জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এলিভেটেড কৰিড’ৰ আৰু ফ’ৰলেনযুক্ত পথৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই এলিভেটেড কৰিড’ৰ আৰু ফ’ৰলেনযুক্ত পথ কাজিৰঙাৰ বাবে এক বৃহৎ উপহাৰ বুলি উল্লেখ কৰে।
নিয়মীয়া বাৰ্তা, কাজিৰঙা, ২১ অক্টোবৰ