বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ড, চাৰি বাসগৃহ ভস্মীভূত
- বিলাসীপাৰাত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে।
- ৰাণীগঞ্জৰ সোনালুগুৰী গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড।
- গাঁওখনৰ জিতেন চৌহান, ৰাজ কিশোৰ চৌহান আৰু ৰাজেশ চৌহানৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ডটো।
- দীপাৱলী ফটকাৰ পৰা সূত্ৰপাত হৈ একেটা পৰিয়ালৰ চাৰিটা বাসগৃহত সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
- জুইৰ লেলিহান শিখাই ১৫ লক্ষাধিক টকাৰ সা সামগ্ৰী ভস্মীভূত কৰে বুলি জানিব পৰা গৈছে।
- ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়।
- ফলত গাঁওখনৰ অইন বাসগৃহসমূহ ৰক্ষা পৰে।
নিয়মীয়া বাৰ্তা ডেস্ক, ২১ অক্টোবৰ