নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ পাভ সমবায় সমিতিত চৰকাৰী  বিনামূলীয়া চাউলৰ নামত দুৰ্নীতি

নিয়মীয়া বাৰ্তা,  ২৬ অক্টোবৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজহুৱা ঘোষণা- এশ গ্ৰাম চাউল আত্মসাৎ কৰিলেও জেললৈ যাব সুলভ মূল্যৰ দোকানী।  কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই ৰাজহুৱা  ঘোষণাকো কেৰেপ নকৰি লখিমপুৰৰ জিলাৰ বিভিন্ন সমবায় সমিতিৰ অধীনস্থ  একাংশ  সুলভ মূল্যৰ দোকানীয়ে কুইণ্টলে কুইণ্টলে দৰিদ্ৰ লোকৰ বাবে অহা চৰকাৰী চাউল আত্মসাৎ কৰি দীর্ঘদিনে দৰিদ্ৰ পৰিয়ালসমূহক প্ৰতাৰণা কৰি আহিছে।

উল্লেখ্য যে জিলাখনৰ অসংখ্য সমবায় এজেন্টে দীৰ্ঘদিনৰে পৰা চৰকাৰী চাউলৰ পৰা সাধাৰণ লোকসকলক বঞ্চিত কৰি কুইণ্টলে কুইণ্টলে কলা বজাৰত বিক্ৰী কৰি আহিছে যদিও এইসকল দুৰ্নীতিগ্ৰস্ত এজেন্টক আজিলৈকে জিলা খাদ্য অসামৰিক যোগান বিভাগে নাকী লগাব পৰা নাই। ফলত  এই সকল এজেন্টে দৰিদ্ৰ পৰিয়াল লোক সকলক চৰকাৰে যোগান ধৰা  বিনামূলীয়া চাউল আত্মসাৎ কৰি কলা বজাৰত বিক্ৰী কৰি দিনক দিনে লাখপতি হৈ আহিছে।

শেহতীয়া দৰিদ্ৰ পৰিয়ালৰ  বাবে চৰকাৰে যোগান ধৰা চাউল দীৰ্ঘদিনে আত্মসাৎ কৰি  আহিছে পাভ সমবায় সমিতিৰ অন্তৰ্গত ১নং ইছলামপুৰৰ সুলভ মূল্যৰ এজেন্ট  বদিৰ উদ্দিনে।  ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে  দৰিদ্ৰ পৰিয়ালসমূহ।  সুলভ মূল্যৰ দোকানী বদিৰ উদ্দিনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত  আজি পুৱাই প্ৰতিবাদ সাব্যস্ত কৰিলে দৰিদ্ৰ পৰিয়ালসমূহে । দীৰ্ঘদিনৰ পৰা চাউল নোপোৱা দৰিদ্ৰ পৰিয়াল সমূহে অভিযোগ কৰা মতে ১নং ইছলামপূৰ সমবায় দোকানৰ এজেন্ট বদিৰ উদ্দিনে লকডাউনত দৰিদ্ৰ পৰিয়ালসমূহক সকাহ দিয়াৰ বাবে প্ৰধান মন্ত্ৰী অন্ন যোজনা আঁচনিৰ অধীনত প্ৰতিজন লোকক ৫কেজিকৈ যি চাউল দিছিল সেই চাউল যোৱা মে মাহৰ পৰাই এজেন্ট গৰাকীয়ে নিদি কলা বজাৰত বিক্ৰী কৰি আহিছে। চাউল নিবলৈ অহা দৰিদ্ৰ পৰিয়ালসমূহক নানান অজুহাত দেখুৱাই দুৰ্নীতিগ্ৰস্ত এজেন্টগৰাকীয়ে পৰিয়ালৰসমূহক চাউল নিদি দীৰ্ঘ দিনে বঞ্চিত কৰি আহিছে।

ফলত আজি পুৱাই দৰিদ্ৰ পৰিয়ালসমূহে দুৰ্নীতিগ্ৰস্ত এজেন্ট গৰাকীৰ দোকানৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ বাধ্য হয়। ইফালে ৰুদ্ৰমূৰ্তি ধাৰণ কৰা লোকসকলৰ পৰা নিজকে বচাবলৈ এজেন্ট গৰাকীয়ে দোকান বন্ধ কৰি পলাই যায়। আনহাতে  পৰিস্থিতি বেয়ালৈ যোৱাত প্ৰতিবাদস্থলীত লালুক আৰক্ষী উপস্থিত হৈ দুৰ্নীতিগ্ৰস্ত এজেন্ট গৰাকীৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণৰ আশ্বাস দিয়াৰ পাছতেহে পৰিস্থিতি নিয়ন্ত্ৰণ হয়।  সুলভ মূল্যৰ দোকানী বদিৰ উদ্দীনৰ বিৰুদ্ধে বঞ্চিত ৰাইজে  কিছুদিনৰ পূৰ্বে লালুক থানাত এটি গোচৰ ৰুজু কৰিছিল যদিও লালুক থানা  আৰক্ষীয়ে দুৰ্নীতিগ্ৰস্ত এজেন্ট গৰাকীক ৰক্ষণাবেক্ষণ   দিয়াৰ  বুলিও ৰাইজে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে।

  ইফালে জিলাখনৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চলসমূহত থকা সমবায় দোকান সমূহত বছৰ বছৰ ধৰি সুলভ মূল্যৰ চাউলৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হৈ আহিছে আৰু সমবায় সমিতিসমূহে এই কেলেংকাৰীত জড়িত থকাৰ বুলি জিলাখনৰ সচেতন ৰাইজে মন্তব্য কৰিছে। লগতে সংখ্যালঘু বসতি প্ৰধান অঞ্চলসমূহত থকা সমবায় দোকানসমূহৰ এজেন্টবোৰক সমবায় সমিতিৰ সভাপতি তথা সচিবসকলে বেছি গুৰুত্ব দি আহে বুলিও একাংশই কব খোজে।

তাৎপৰ্যপূৰ্ণ যে এই গৰাকী দুৰ্নীতিগ্ৰস্ত এজেন্টৰ বিৰুদ্ধে জিলা  খাদ্য অসামৰিক যোগান বিভাগত দৰিদ্ৰ লোক সকলে অভিযোগ দাখিল কৰিছিল যদিও বিভাগটোৰ বিষয়াই আজিলৈকে এজেন্ট গৰাকীৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি প্ৰতিবাদী ৰাইজে জানিবলৈ দিয়ে। সেয়েহে দৰিদ্ৰ লোকৰ তেজ সুহি খোৱা  এই গৰাকী দুৰ্নীতিগ্ৰস্ত এজেন্টৰ বিৰুদ্ধে জিলা উপায়ুক্তক তদন্তৰ জৰিয়তে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Input: নিতুল বৰা, নাওবৈচা

You might also like