নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিগত ১৯ দিনে কন্যাসন্তানসহ সন্ধানহীন খনামুখ চিলনীগাঁৱৰ উৰ্মিলা

নিয়মীয়া বাৰ্তা  ১৬ অক্টোবৰঃ শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ চিলনী গাঁও পঞ্চায়তৰ অন্তৰ্গত খনামুখৰ সমীপৱৰ্তী চিলনী গাঁৱৰ এগৰাকী মহিলা কন্যা সন্তানসহ বিগত ১৯ টা দিনে সন্ধানহীন হৈ থকাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । পৰিয়ালৰ লোকে কাকতক জনোৱা অনুসৰি, চিলনী গাঁৱৰ বাসিন্দা ৰেখ বাহাদুৰ থাপাৰ পত্নী উৰ্মিলা থাপায়ে (২৪ ) নিজৰ কন্যা সন্তান পাঁচ বছৰীয়া তমন্না থাপাক লগত লৈ যোৱা ২৮ ছেপ্টেম্বৰত বালিপৰাৰ বেংকলৈ বুলি ঘৰৰপৰা ওলাই যোৱাৰেপৰা আজিপৰ্যন্ত সন্ধানহীন হৈ আছে ।

পৰিয়ালৰ লোকে সন্ধানহীন মহিলাগৰাকী আৰু কন্যা সন্তানটিৰ সন্ধান চলাই হতাশ হোৱাত অৱশেষত ২৯ অক্টোবৰত চাৰিদুৱাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । কিন্ত আজিও কোনো সন্ধান উলিয়াবলৈ সক্ষম নহ’ল আৰক্ষী । এই সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীয়ে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে । মহিলগৰাকীৰ পৰিয়ালৰ লোকে কাকতৰ যোগেদি যদিহে কোনো সদাশয় ব্যক্তি মহিলাগৰাকী আৰু কন্যা সন্তানটোৰ সন্ধান লাভ কৰিলে পৰিয়ালৰ ৯৬৭৮৪৫৯০৬৮ নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ কৰিছে ।

You might also like