নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ অক্টোবৰৰপৰা পুনৰ আৰম্ভ হ’ব ডেকাৰগাঁও-বালিপৰা-ভালুকপুং যাত্ৰীবাহী ৰে’লেসেৱা

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ যাত্ৰাপ্ৰেমী ৰাইজৰ বাবে সুখবৰ । অহা ২০ অক্টোবৰৰপৰা
পুনৰ আৰম্ভ কৰা হ’ব ডেকাৰগাঁও -ৰঙাপৰা-বালিপৰা হৈ ভালুকপুং বিশেষ যাত্ৰীবাহী ৰে’লসেৱা ( ৰে’ল সংখ্যা : ০৫৮১৯/০৫৮২০) । জানিব পৰা মতে, ৰে’লবিভাগে অলপতে জাৰী কৰা এক জাননীযোগে এই সেৱা পুনৰ আৰম্ভ কৰাৰ ঘোষণা কৰিছে ।

উল্লেখ্য যে , ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে উক্ত ৰে’লসেৱা বন্ধ কৰি ৰখা হৈছিল । প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ডেকাৰগাঁৱৰপৰা পুনৰ যাত্ৰা কৰিবলগীয়া উক্ত ৰে’লখন বিন্দুকুৰি, ঠাকুৰবাৰী, ৰঙাপৰা নৰ্থ, বালিপৰা, চাৰিদুৱাৰ, গামানী ষ্টেচনত ষ্ট’পেজ লোৱাৰ অন্তত অৱশেষত অসম-অৰুণাচল সীমান্তৱৰ্তী পাহাৰীয়া নৈসৰ্গিক সৌন্দৰ্যৰ ভৰপূৰ ভালুকপুং ৰে’লৱে ষ্টেচনত উপনীত হয় ।

You might also like