নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকীয় উষ্ণতা বৃদ্ধিৰ প্রভাৱ? শৰততো নাই শীতৰ আমেজ

নাতিশীতোষ্ণ পৰিৱেশৰ পৰিৱর্তে প্রচণ্ড গৰম–ৰ’দে দহিছে ৰাজ্য

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ গোলকীয় উষ্ণতা বৃদ্ধি, বনাঞ্চল হ্রাসকে ধৰি বিভিন্ন কাৰণত হোৱা জলবায়ুৰ পৰিৱর্তনে ক্রমাৎ মাদকতাহীন কৰি তুলিছে শৰৎ ঋতুৰ অনুভৱ৷ মনোমোহা পৰিৱেশ, ফৰকাল আকাশ, কঁহুৱা–শেৱালি ফুল, নিয়ৰৰ আচ্ছাদন শৰতৰ পৰিচয় যদিও লাহে লাহে যেন সেয়া হেৰুৱাই পেলাইছে৷ গ্রীষ্মৰ প্রচণ্ড তাপমাত্রাৰ পৰা ৰক্ষা পাবলৈ সকলোৱে শৰৎ ঋতুৰ নাতিশীতোষ্ণ পৰিৱেশলৈ অধিৰ আগ্রহেৰে ৰৈ থাকে৷ কিন্তু এইবাৰ শৰৎকালতো নাই শীতৰ আমেজ৷ বৰঞ্চ প্রচণ্ড ৰ’দ আৰু গৰমে ব্যাহত কৰি তুলিছে স্বাভাৱিক জীৱনযাত্রা৷ সচৰাচৰ শাৰদীয় দুর্গোৎসৱৰ সময়ত ৰাজ্যৰ তাপমাত্রা যথেষ্ট পৰিমাণে হ্রাস পায়৷

পিছে চলিত বছৰত এতিয়াও ঊর্ধ্বগামী হৈয়েই আছে পাৰাস্তম্ভ৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রৰ তথ্য অনুসৰি বিগত এসপ্তাহত ৰাজ্যৰ তাপমাত্রা স্বাভাৱিক তাপমাত্রাতকৈ ৬ৰ পৰা ৭ ডিগ্রী চেলছিয়াছ অধিক হৈ আছে৷ আজিৰ দিনটোতো স্বাভাৱিক পৰিমাণতকৈ যথেষ্ট বৃদ্ধি পাইছে তাপমাত্রা৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই প্রকাশ কৰা তথ্য অনুসৰি গুৱাহাটীত আজি সর্বাধিক তাপমাত্রা হৈছে ৩৭.১ আৰু সর্বনিম্ন তাপমাত্রা হৈছে ২৫.১ ডিগ্রী চেলছিয়াছ৷ স্বাভাৱিক পৰিমাণতকৈ সর্বোচ্চ তাপমাত্রাৰ ক্ষেত্রত ৬.৪ ডিগ্রী আৰু সর্বনিম্ন তাপমাত্রা ২.৭ ডিগ্রী চেলছিয়াছ অধিক৷

সেইদৰে শুকুৰবাৰে আজি সর্বোচ্চ তাপমাত্রা হৈছে ৩৬ ডিগ্রী চেলছিয়াছ৷ এই তাপমাত্রা স্বাভাৱিক পৰিমাণতকৈ ৫.৮ ডিগ্রী চেলছিয়াছ অধিক৷ তেজপুৰতো শুকুৰবাৰে দিনটোত স্বাভাৱিক পৰিমাণতকৈ সর্বোচ্চ তাপমাত্রাৰ ক্ষেত্রত ৫.২ ডিগ্রী চেলছিয়াছ অধিক আছিল বুলি প্রকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই৷ তেজপুৰত শুকুৰবাৰে সর্বোচ্চ তাপমাত্রা আছিল ৩৬.৩ ডিগ্রী চেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা আছিল ২৬.৪ ডিগ্রী চেলছিয়াছ৷ শিলচৰত সর্বোচ্চ তাপমাত্রা আছিল ৩৭.১ ডিগ্রী চেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা আছিল ২৭.২ ডিগ্রী চেলছিয়াছ৷ এই তাপমাত্রা ক্রমে স্বাভাৱিক পৰিমাণতকৈ ৫.১ আৰু ৪.৫ ডিগ্রী চেলছিয়াছ অধিক৷ উত্তৰ লখিমপুৰত সর্বোচ্চ তাপমাত্রা আছিল ৩৬.৪ ডিগ্রী চেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা আছিল ২০.২৷

উত্তৰ লখিমপুৰৰ ক্ষেত্রতো সর্বোচ্চ তাপমাত্রাৰ ক্ষেত্রত স্বাভাৱিক পৰিমাণতকৈ ৬ ডিগ্রী চেলছিয়াছ অধিক তাপমাত্রা ৰেকর্ড হৈছে৷ গুৱাহাটীত বিগত এসপ্তাহ ধৰি মাত্রাধিক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে তাপমাত্রা৷ বতৰ বিজ্ঞান কেন্দ্রৰ তথ্য অনুসৰি ১০ অক্টোবৰত ৩৪ ডিগ্রী, ১১ অক্টোবৰত ৩৫ ডিগ্রী, ১২ অক্টোবৰত ৩৫, ১৩ অক্টোবৰত ৩৬ ডিগ্রী চেলছিয়াছ সর্বোচ্চ তাপমাত্রা ৰেকর্ড হৈছে৷ সেইদৰে ৰাজ্যত হ্রাস পাইছে বৰষুণৰ পৰিমাণ৷ গুৱাহাটীত আজি পর্যন্ত ৩৫ মিলিমিটাৰ বৰষুণ কম হৈছে বুলি প্রকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্রই৷

উল্লেখ্য যে স্বাভাৱিকতে শৰতৰ আগমন হোৱাৰ লগে লগে দিনৰ ভাগত কিছু গৰম থাকিলেও নিশাৰ ভাগলৈ ঠাণ্ডা অনুভৱ কৰে ৰাজ্যবাসীয়ে৷ শাৰদীয় দুর্গোৎসৱৰ সময়তো নাতিশীতোষ্ণ পৰিৱেশত ৰাজ্যবাসীয়ে উপভোগ কৰিছিল দুর্গাপূজা৷ কিন্তু এইবাৰ অস্বাভাৱিক গৰম আৰু ৰ’দে বহু পৰিমাণে ম্লান কৰিছে শাৰদীয় দুর্গোৎসৱৰ আনন্দ৷ দিনৰ ভাগত প্রচণ্ড গৰম আৰু ৰ’দৰ বাবে এবাৰ ওলাই আহিবলৈও ভাবিবলগীয়া হৈছে ৰাজ্যবাসীয়ে৷ এই সময়ছোৱাত যথেষ্ট নিয়ৰ পৰে যদিও এইবাৰ কুঁৱলী অথবা নিয়ৰ পৰা এতিয়ালৈ পৰিলক্ষিত হোৱা নাই৷ একপ্রকাৰ ক’বলৈ গ’লে শৰৎকালৰ এই সময়ছোৱাটো গ্রীষ্মকালৰ দৰেই অনুভৱ হৈছে৷ অৱশ্যে আগন্তুক সপ্তাহত সামান্য পৰিমাণে গৰমৰ পৰা সকাহ পাব পাৰে বুলি আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই৷ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্রৰ আগজাননী অনুসৰি ১৬ৰ পৰা ১৯ অক্টোবৰ পর্যন্ত আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে দুই–এটোপাল বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ আনহাতে ২০ আৰু ২১ অক্টোবৰত বিজুলী–ঢ়েৰেকনিৰে ৰাজ্যত বৰষুণ হ’ব বুলি আগজননী দিছে বতৰ বিজ্ঞান কেন্দ্রই৷

You might also like