নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম মাইক্ৰ’ ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি-২০২১( ক্ষীপ্ৰ আদায়কাৰী শিতান)ৰ অধীনত গোলাঘাট জিলাৰ ৫,০০৪ গৰাকী ঋণগ্ৰস্ত মহিলাক চেক্ প্ৰদান

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ গোলঘাটৰ সমন্বয় পথাৰ (ৰাজহুৱা খেলপথাৰ)ত আজি “অসম মাইক্ৰ’ ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি-২০২১” ( ক্ষীপ্ৰ আদায়কাৰী শিতান)ৰ অধীনত গোলাঘাট জিলাৰ ৫,০০৪ গৰাকী ঋণগ্ৰস্ত মহিলাক চেক্ প্ৰদান কৰা হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এই আঁচনিৰ দ্বাৰা কেৱল অসমৰ মহিলাসকলক ঋণমুক্ত কৰাই নহয়, বৰং দুঃচিন্তামুক্ত কৰি এটা সুস্থ জীৱনৰ বাট দেখুওৱাৰ প্ৰয়াস কৰিছে । তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনে শিক্ষা, স্বাস্থ্য, কৃষি আদি সকলো দিশতে অসমক লেখত ল’বলগীয়া ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে কাম কৰি আছে । তেওঁ কয় যে ৰাজ্য চৰকাৰে ইতিমধ্যে গোলাঘাটকে ধৰি ৫খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কথা ঘোষণা কৰিছে । নতুন চিকিৎসা মহাবিদ্যালয়কেইখন অতি কম সময়ৰ ভিতৰতে নিৰ্মাণ হৈ উঠিব আৰু অন্য চিকিৎসা মহাবিদ্যালয়ৰ তুলনাত অধিক সা-সুবিধাযুক্ত হ’ব বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে অহা মাৰ্চ মাহৰ ভিতৰত কৰ্কট ৰোগৰ ছখন চিকিৎসালয় উদ্বোধন কৰিব । আনহাতে, এই বছৰৰ শেষলৈ অহা বিত্তীয় বৰ্ষৰ ভিতৰত আৰু ৪ খন মুঠতে ১০ খন কৰ্কট ৰোগৰ চিকিৎসালয় নিৰ্মাণ কৰা হ’ব । তাৰ উপৰি আন ৮ খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ বাবে প্ৰস্তাৱ লোৱা হৈছে, ইয়াৰে এখন গোলাঘাট জিলাত নিৰ্মাণ কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে । তেওঁ ক’ভিডৰ নতুন ভেৰিয়েন্ট সন্দৰ্ভত ৰাইজক পূৰ্বতকৈ অধিক সজাগ হ’বলৈ আহ্বান জনাই কয় যে সজাগতা আৰু প্ৰতিষেধক গ্ৰহণৰ বাহিৰে ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ অন্য কোনো উপায় নাই । 

 

অনুষ্ঠানত অংশ লৈ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী অজন্তা নেওগে মুখ্যমন্ত্ৰীক এই ঋণ ৰেহাই আচঁনিখনৰ বাবে ধন্যবাদ জনাই কয় যে মহিলাসকলক সমাজৰ ভেঁটি হিচাপে গণ্য কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদায় তেওঁলোকক সমাজত আগস্থান দি আহিছে । এই আচঁনিখনৰ দ্বাৰা অসমৰ ২৪ লাখ মহিলা উপকৃত হ’ব বুলি উল্লেখ কৰি তেওঁ ভৱিষ্যতে ঋণ ল’লে মহিলাসকলক নিয়মীয়াকৈ ওভতাই দিবলৈ আহ্বান জনায় । তেওঁ কয় যে যিটো কামৰ বাবে ঋণ লোৱা হয় সেই কামটো সম্পূৰ্ণ কৰিব পাৰিলেহে নিজৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল হোৱাৰ লৱতে বেংকিং ব্যৱস্থাটো সুচাৰুৰূপে চলি থাকিব । তেওঁ লগতে ক’ভিডৰ ১০০ শতাংশ প্ৰতিষেধক প্ৰদানৰ লক্ষ্যত উপনীত হ’বৰ বাবে সকলোকে সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ।

 

অনুষ্ঠানত কৃষি, পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি চৰকাৰখনে শাসনলৈ অহাৰ ছমাহৰ পাছতেই পূৰণ কৰিলে । এই আঁচনিৰ বাবে ৰাজ্য চৰকাৰখনৰ ১২ হাজাৰ কোটি টকা ব্যয় হ’ব আৰু এই আচঁনিয়ে মহিলা সবলীকৰণত যথেষ্ট সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে । আনহাতে যিসকলে ঋণ লৈ ওভতাই দিয়া নাই তেওঁলোকক ভৱিষ্যতে এনে ভুল নকৰিবলৈও তেওঁ আহ্বান জনায় । তেওঁ কয় যে ৰাজ্য চৰকাৰে ১লাখ নিবনুৱা যুৱক-যুৱতীক অহা মে’ মাহৰ ভিতৰতে নিযুক্তি দিয়াৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে । চৰকাৰখনে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোককে সামৰি লৈ বিকাশৰ নতুন গতিৰে আগবাঢ়িছে বুলি তেওঁ মত প্ৰকাশ কৰে ।

 

অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনেও ভাষণ প্ৰদান কৰে । অনুষ্ঠানৰ আৰম্ভণিতে আজি অসম দিৱস উপলক্ষে বৰ অসমৰ ভেঁটি গঢ়োতা আহোম স্বৰ্গদেউ চাওলুং চ‍্যুকাফাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জলন কৰি শ্ৰদ্ধা নিবেদন কৰা হয় । জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই আদৰণি ভাষণ দিয়া অনুষ্ঠানত লীড ডিষ্ট্ৰিক্ট মেনেজাৰ সজীৱ কুমাৰ বৰায়ো ভাষণ দিয়ে ।

 

উল্লেখযোগ্য যে অসম মাইক্ৰ’ ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ অধীনত গোলাঘাট জিলাৰ মুঠ ৩৪,১৬২ গৰাকী মহিলা উপকৃত হ’ব । আজি ১২ গৰাকী হিতাধিকাৰীক মঞ্চত আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰি এই কার্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছতেই মুঠ ১৯টা বেংকৰ ৫,০০৪গৰাকী হিতাধিকাৰীক চেক প্ৰদান কৰা হয় । একোগৰাকী হিতাধিকাৰীক সৰ্বাধিক ২৫ হাজাৰ টকাপৰ্যন্ত চেক্ প্ৰদান কৰা হয় ।

 

আজিৰ অনুষ্ঠানতে স্বাস্থ্য বিভাগে ক’ভিডত স্বামীহাৰা হোৱা মহিলাসকললৈ আগবঢ়োৱা আঢ়ৈ লাখ টকাৰ আৰ্থিক সাহায্যৰ চেক্ গোলাঘাট জিলাৰ ২৮ গৰাকী মহিলাক প্ৰদান কৰা হয় ।

You might also like