নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাৰে গাঁও পঞ্চায়ত সচিব সন্থাৰ বাৰ্তালাপ

নিয়মীয়া বাৰ্তা ২ডিচেম্বৰ:-সদৌ অসম গাঁও পঞ্চায়ত সচিব সন্থাৰ বিভিন্ন দাবী সম্পৰ্কীয় আলোচনাৰ বাবে কালি কেন্দ্ৰীয় সমিতিৰ এক প্ৰতিনিধি দলে  মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাক সাক্ষাত কৰে। সদৌ অসম গাঁও পঞ্চায়ত সচিব সন্থাৰ সভাপতি ইমতিয়াজুল ইছলাম , সম্পাদক দীপক হাজৰিকাৰ নেতৃত্বত যোৱা প্ৰতিনিধিৰ দলটোৱে দিছপুৰত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাক সাক্ষাত কৰি কেইবাটাও সমস্যাৰ সন্দৰ্ভত আলোচনা কৰে। আলোচনা কালত অসমৰ গাঁও পঞ্চায়ত সচিব সন্থাই দীৰ্ঘ দিনৰ পৰা দাবী কৰি অহা পেঞ্চন, গ্ৰেড পে, সেৱা বিধি আদিৰ বিষয়তো গুৰুত্বপূৰ্ণ আলোচনা কৰে। এই আলোচনা কালত তেঁও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত, প্ৰধান সচিবৰ সৈতে আলোচনা কৰি মুখ্যমন্ত্ৰীৰ উপস্থিতিত গাঁও পঞ্চায়ত সচিব সকলৰ এখনি কনভেনচন অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়াই। তদুপৰি সচিব সন্থাৰ বিভিন্ন সমস্যা সমূহ সমাধানৰ বাবেও সন্থা আৰু মুখ্যমন্ত্ৰীৰ সৈতে অনতি পলমে এক আলোচনাও অনুষ্ঠিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। গাঁও পঞ্চায়ত সচিব সন্থাৰ সভাপতি ইমতিয়াজুল ইছলামে সংবাদ মাধ্যমৰ আগত কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে মুখ্যমন্ত্ৰী অসমে সৰ্বপ্ৰথম পাইছে আৰু তেখেতৰ ভৱিষ্যত সুপৰিকল্পনা আৰু সু-দূৰদৰ্শিতাৰ বাবে অসমৰ ৰাইজৰ সুফল লাভ কৰাটো নিশ্চিত। তদুপৰি এই পৰিকল্পনাৰে কাৰ্যকৰীৰে অসম দেশৰ ভিতৰত আগশাৰী ৰাজ্যৰ স্থান পাবলৈ বেছি দিন নালাগিব। ইয়াৰ লগতে সম্পাদক দীপক হাজৰিকাই কয় যে, মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়ে ৰাজ্যৰ সকলো প্ৰশাসনীয় ব্যৱস্থাত যিদৰে পৰিৱৰ্তন কৰিছে সেইদৰে ইয়াৰ কাৰ্যকৰীতাত সকলো জনসাধাৰণৰ উন্নয়ন সাধন হ’ব বুলি ধাৰণা হৈছে। চৰকাৰ, প্ৰশাসন আৰু জনসাধাৰণৰ মাজত যিদৰে একোডাল সোণালী সৰল ৰেখা স্থাপনৰ প্ৰচেষ্টা চলাইছে তাক আমি সকলোৱে সহযোগিতা কৰিলে অসম সৰ্বাঙ্গ সুন্দৰ হোৱাটো খাটাং।কাৰণ মুখ্যমন্ত্ৰী গৰাকীয়ে সকলোৰে দুখ-সুখ উপলব্ধি কৰি সমস্যা সমাধানত অতিকৈ গুৰু প্ৰদান কৰে বুলি মন্তব্য কৰে।

You might also like